NORTHEAST NOW (Assamese)
অসম

বছৰৰ অন্তিম দিনটোত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত জে পি চিৰ প্ৰতিবেদন সম্পৰ্কীয় বৈঠক

Posted by: এন ই নাও নিউজ December 28, 2018 12:45 pm

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত গঠিত যুটীয়া সংসদীয় কমিটী, অৰ্থাৎ জে পি চিৰ অহা ৩১ ডিচেম্বৰত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হোৱাৰ কথা।  নতুন দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত হ’ব লগীয়া এই বৈঠকত কমিটীয়ে চূড়ান্ত প্ৰতিবেদন দাখিল সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।

জানিব পৰা মতে, যুটীয়া সংসদীয় কমিটীৰ এইখনেই হ’ব শেষ বৈঠক। গতিকে দলৰ আন সদস্যসকলৰ পৰা সন্মতি পালে সংসদৰ চলিত অধিৱেশনতে প্ৰতিবেদন দাখিল কৰাৰ পক্ষত আছে কমিটীখনৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱাল।

উল্লেখযোগ্য যে যোৱা মাহত কমিটীৰ যিখন বৈঠক অনুষ্ঠিত হৈছিল, তাত সদস্যসকল একমত হ’ব নোৱাৰিছিল। এনে পৰিস্থিতিত অহা ৩১ ডিচেম্বৰত হ’ব লগীয়া বৈঠকখনৰ ফলাফল কি হয় সেয়া লক্ষণীয় হ’ব।

আনহাতে সংসদৰ অধিৱেশ অহা ৮ জানুৱাৰি পৰ্য্যন্ত চলিব। এই অধিৱেশনৰ মাজতে নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত জে পি চিয়ে প্ৰতিবেদন দাখিল কৰিলেও বিধেয়কখন গৃহীত হোৱাৰ সম্ভাৱনা কম। কাৰণ সংসদতো বিজেপি এই বিধেয়কখনক লৈ প্ৰবল বিৰোধিতাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। তাৰোপৰি ৰাজ্যসভাত শাসকীয় দলৰ সংখ্যাগৰিষ্ঠতাও নাই।