NORTHEAST NOW (Assamese)

স্কটলেণ্ডৰ বিৰুদ্ধে খেলিবলৈ সম্পূৰ্ণ সাজু নেইমাৰ! আঘাতৰ বাবে বুধবাৰৰ মেচৰ পৰা বাহিৰ ৰাফিনহা

June 24, 2026 6:36 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 24, 2026 6:39 pm

অহা বুধবাৰে স্কটলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হবলগীয়া গুৰুত্বপূৰ্ণ মেচখনৰ পূৰ্বে ব্ৰাজিলৰ প্ৰশিক্ষক কাৰ্লো আনচেলট্টিয়ে দলৰ খেলুৱৈসকলৰ শেহতীয়া স্থিতি সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। প্ৰশিক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে, দলৰ তাৰকা ষ্ট্ৰাইকাৰ নেইমাৰ বৰ্তমান সম্পূৰ্ণৰূপে মেচ ফিট আৰু তেওঁ নব্বৈ মিনিট খেলিবলৈ সাজু হৈ উঠিছে যদিও আঘাতৰ বাবে এই মেচখনত ৰাফিনহাই অংশগ্ৰহণ কৰিব নোৱাৰিব। ব্ৰাজিল শিবিৰৰ বাবে এই খবৰে একেলগে আশা আৰু আশংকাৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, হাইটিৰ বিৰুদ্ধে পূৰ্বৰ মেচখনৰ বাবে নেইমাৰে ফিলাডেলফিয়ালৈ যাত্ৰা কৰা নাছিল আৰু তেওঁ অকলশৰীয়াকৈ অনুশীলন অব্যাহত ৰাখিছিল। দুদিন পূৰ্বে পুনৰ দলৰ সৈতে অনুশীলন আৰম্ভ কৰা নেইমাৰৰ প্ৰসংগত আনচেলট্টিয়ে কয় যে খেলুৱৈগৰাকীয়ে যোৱা সপ্তাহত অতি সুন্দৰভাৱে অনুশীলন কৰিছে আৰু তেওঁৰ মানসিকতা তথা আত্মবিশ্বাস বৰ্তমান তুংগত আছে। প্ৰশিক্ষকগৰাকীয়ে নেইমাৰৰ প্ৰত্যাৱৰ্তনত আনন্দ প্ৰকাশ কৰি তেওঁক যিমান সম্ভৱ সোনকালে খেলপথাৰত নমোৱাৰ ইচ্ছা ব্যক্ত কৰাৰ লগতে তেওঁৰ দৰে অভিজ্ঞ খেলুৱৈৰ উপস্থিতিয়ে দলক উপকৃত কৰিব বুলি মত প্ৰকাশ কৰে।

আনহাতে, হাইটিৰ বিৰুদ্ধে মেচখনৰ চল্লিশ মিনিটত আঘাতপ্ৰাপ্ত হৈ খেলপথাৰ ত্যাগ কৰিবলগীয়া হোৱা ৰাফিনহাৰ অনুপস্থিতিয়ে দলটোৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। অৱশ্যে ৰাফিনহাই নিজৰ সমগ্ৰ শক্তি প্ৰয়োগ কৰি দ্ৰুতগতিত সুস্থ হৈ উঠাৰ চেষ্টা কৰিব বুলি এক বাৰ্তাযোগে জানিবলৈ দিছে। প্ৰশিক্ষক আনচেলট্টিয়ে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে সৰ্বশ্ৰেষ্ঠ দলটোৰে খেলপথাৰত নামিব বিচাৰে আৰু ৰাফিনহাৰ স্থানত কাক খেলোৱা হব সেই বিষয়ে তেওঁ নিশ্চিত সিদ্ধান্ত গ্ৰহণ কৰিছে। আনুষ্ঠানিকভাৱে প্ৰকাশ নকৰিলেও, আনচেলট্টিয়ে ৰায়ানৰ প্ৰতিভা আৰু শেহতীয়া ফৰ্মৰ প্ৰশংসা কৰালৈ লক্ষ্য কৰি তেওঁকেই প্ৰথম একাদশত স্থান দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।

ইয়াৰ সমান্তৰালভাৱে, যুৱ প্ৰতিভা এনদ্ৰিকক খেলোৱাৰ সুযোগ নিদিয়াক লৈ প্ৰশিক্ষক আনচেলট্টি বৰ্তমান তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। এনদ্ৰিক প্ৰশিক্ষকৰ পছন্দৰ খেলুৱৈ নহয় বুলি চলি থকা উৰাবাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে এনদ্ৰিকৰ যিকোনো সময়তে খেলিব পৰা ক্ষমতা আছে আৰু তেওঁ পৰৱৰ্তী মেচতো অংশগ্ৰহণ কৰিব পাৰে। সমৰ্থকসকলে একেলগে নেইমাৰ আৰু এনদ্ৰিক দুয়োগৰাকী খেলুৱৈৰ কাষত থিয় দিয়া উচিত বুলি মন্তব্য কৰি আনচেলট্টিয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰয়াস কৰে। বৰ্তমান স্কটলেণ্ডৰ বিৰুদ্ধে হবলগীয়া এই মেচখনৰ বাবে দলটোৰ চূড়ান্ত ৰণনীতি আৰু প্ৰথম একাদশক লৈ ক্ৰীড়াপ্ৰেমীসকলৰ লগতে ক্ৰীড়া মহলত তীব্ৰ উৎকণ্ঠা বিৰাজ কৰিছে।

Related News