NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ কৰ্ম বাহিনীৰ অভিযানত ৫.৫০ লাখ টকাৰ চোৰাং সামগ্ৰী উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 21, 2019 4:16 pm
representing image

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বাণিজ্যিক বিভাগৰ এটি বিশেষ কৰ্ম বাহিনী (এছ টি এফ)য়ে ১৮ আগষ্টৰ দিনাখন ১৫৬৪৬ নম্বৰৰ গুৱাহাটী-লোকমান্য তিলক টাৰ্মিনাছ এক্সপ্ৰেছৰ পৰা বে-আইনীভাৱে পৰিবহণ কৰা মুঠ ৫.৫ লাখ টকাৰ বিদেশত নিৰ্মিত চিগাৰেট উদ্ধাৰ কৰে।

এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত সহকাৰী বাণিজ্যিক প্ৰৱন্ধক ডি জে বৰ্মনৰ নেতৃত্বত যোৱা এছ টি এফৰ দলটোৱে গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত ৰেলখনত তালাচী চলাই নিষিদ্ধ সামগ্ৰীসমূহ জব্দ কৰিবলৈ সক্ষম হৈছিল।

আনহাতে, পাৰ্চেল ওৱে বিলত মিছা কথা উল্লেখ কৰি সামগ্ৰীখিনি পৰিবহণ কৰিবলৈ চেষ্টা  কৰা পাঁচগৰাকী ব্যক্তিকো দলটৱে আটক কৰে।

নিকা আৰু স্বচ্ছ কামৰ বাবে বিশেষ পদক্ষেপৰ এটি অংশ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বাণিজ্যিক বিভাগে প্ৰথমবাৰৰ বাবে যোৱা ১৩ আগষ্ট,২০১৯ তাৰিখে উক্ত বিশেষ কৰ্ম বাহিনীটো গঠন কৰিছিল।

এছ টি এফৰ দলটোৱে টিকটবিহীনভাৱে ভ্ৰমণ কৰা যাত্ৰীক ধৰা পেলোৱাৰ লগতে দালালৰ কাৰ্যাকলাপ নিৰীক্ষণ কৰে তথা পৰিবহণ কৰা সামগ্ৰীৰ মিছা ঘোষণা, শিশুৰ অপপ্ৰয়োগ কৰা কাৰ্যও তদাৰক কৰে বিশেষকৈ ৰে’লৱে চৌহদত মানৱ সৰবৰাহ যাতে সংঘটিত নহয় তাৰ প্ৰতিও বিশেষভাৱে লক্ষ্য ৰাখে।