NORTHEAST NOW (Assamese)
অসম

শিশুৰ স্বাস্থ্যক লৈ ল’ৰা ধেমালি! দিল্লীত ব্লেক লিষ্টেড NGO-ক দিয়া হৈছে অসমত মধ্যাহ্ন ভোজনৰ দায়িত্ব

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 2, 2019 10:01 pm
Ghanashyam Seva Samiti_notice_delhi

শিশুৰ পুষ্টিহীনতা দূৰ কৰাৰ দৰে ডাঙৰ লক্ষ্য লৈ মধ্যাহ্ন ভোজন আঁচনি লোৱা খোদ চৰকাৰেই এতিয়া শিশুৰ স্বাস্থ্যক লৈ ল’ৰা ধেমালিত লিপ্ত হোৱাৰ দেখা গৈছে।

অনুপযুক্ত খাদ্য যোগানৰ বাবে দিল্লীত ব্লেক লিষ্টেট হোৱা এন জি অ’ক অসমত মধ্যাহ্ন ভোজনৰ দায়িত্ব দিয়াৰ দৰে মাৰাত্মক ক্ষতিকৰ কাম কৰিছে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে আৰু ইয়াৰ তথ্য-প্ৰমাণ নৰ্থ-ইষ্ট নাওৰ হাতত আছে।

আমাৰ হাতত থকা তথ্য অনুসৰি ২০১৩ চনত নিম্নমানৰ আৰু পোক-পতংগৰে ভৰা খাদ্য ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰি দিল্লীত ব্লেক লিষ্টেড হৈছিল ঘনশ্যাম সেৱা সমিতি নামৰ এটা NGO.

২০১৩ চনৰ ৮ আগষ্টত দিল্লী চৰকাৰে এটা নিৰ্দেশৰ জৰিয়তে ব্লেক লিষ্টেড ঘোষণা কৰিছিল ঘনশ্যাম সেৱা সমিতিক। নিৰ্দেশটোত স্পষ্টকৈ উল্লেখ আছে যে NGO-টোৱে যোগান ধৰা মধ্যাহ্ন ভোজনত মানুহৰ চুলি, কেঁচু, জেঠী আৰু অন্য পোক-পতংগৰ উপস্থিতি ধৰা পৰা বাবে তেওঁলোকৰ সৈতে থকা চুক্তি বাতিল কৰিছে।

কিন্তু বহিঃৰাজ্যৰ এই NGO-টোক অসম চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিৰ খাদ্য বিতৰণৰ ঠিকা দিছে আৰু কালিৰ পৰা আৰম্ভ হোৱা এই ঠিকা কামত তিনিচুকীয়া, শিৱসাগৰ, ধুবুৰী জিলাৰ বিদ্যালয়ত এই বেচৰকাৰী সংস্থাটোৱে মধ্যাহ্ন ভোজন বিতৰণ কৰিছে।

শিশুৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা চৰকাৰৰ এই হঠকাৰী কামে সচেতন লোককে ধৰি বিভিন্ন পক্ষৰ সমালোচনাৰ বাট মুকলি কৰিছে।

ব্লেক লিষ্টেড NGO-ক খাদ্য বিতৰণৰ ঠিকা দিয়া এই পদক্ষেপৰ পাছতে ৰাজ্যৰ শিক্ষা বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, প্ৰদেশ কংগ্ৰেছকে ধৰি অন্যান্য দল সংগঠন।

আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি ব্লেক লিষ্টেড NGO-ক কিয় ৰাজ্যৰ শিক্ষা বিভাগে মধ্যাহ্ন ভোজনৰ দায়িত্ব দিলে বুলি প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গাদাস বড়োৱে।

তেওঁ সন্দেহ প্ৰকাশ কৰি কয়, “বহি ৰাজ্যৰ ব্লেক লিষ্টেড এন জি অ’সমূহক মধ্যহ্ন ভোজন বিতৰণৰ ঠিকা দিয়াৰ অন্তৰালত বহু ৰহস্য সোমাই আছে। এন জি অ’সমূহে ছাত্ৰ-ছাত্ৰীসকলক অতি কম মানৰ আৰু অস্বাস্থ্যকৰ খাদ্য প্ৰদান কৰিছে।”

তেওঁ সমগ্ৰ ঘটনাৰ উচ্চ স্তৰীয় তদন্ত কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনায়।

Ghanashyam Seva Samiti_notice
ঘনশ্যাম সেৱা সমিতিয়ে যোগান ধৰা মধ্যাহ্ন ভোজনত মানুহৰ চুলি, কেঁচু, জেঠী আদি ওলোৱা বাবে দিল্লী চৰকাৰে চুক্তি বাতিল কৰি দিয়া জাননীখনৰ প্ৰতিলিপি।

আনহাতে, এই বিষয়ক লৈ আজি গান্ধীবস্তিৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি।

ছাত্ৰ সংগঠনটোৰ কাৰ্য্যকৰী সভাপতি মানস কোঁৱৰে কয়, “কোনো NGO-ক ব্লেক লিষ্টেড বুলি চৰকাৰে ঘোষণা কৰিলে তেওঁলোকে কেতিয়াও নিবিদাত অংশগ্ৰহণ কৰিব নোৱাৰে।  কিন্তু দিল্লী চৰকাৰে ব্লেক লিষ্টেড কৰা NGO-ক অসম চৰকাৰৰ শিক্ষা বিভাগে কিয় খাদ্য বিতৰণৰ ঠিকা অৰ্পণ কৰিলে সেইটো চিন্তনীয়।”

ব্লেক লিষ্টেড NGO-ক খাদ্য বিতৰণৰ ঠিকা দিয়াৰ আঁৰত শিক্ষা মন্ত্ৰী আৰু সৰ্বশিক্ষা মিশ্যন সঞ্চালকে কমিশ্যনৰ অংক কৰা বুলি গুৰুতৰ অভিযোগ তোলে কোঁৱৰে।

“দিল্লীত ব্লেক লিষ্টেড NGO-ক অসমত খাদ্য বিতৰণৰ সুবিধা প্ৰদান কৰা হৈছে। ইয়াত কমিশ্যনৰ অংক আছে নেকি? শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য আৰু সৰ্বশিক্ষা মিশ্যন সঞ্চালক ছমছেৰ সিঙে নিশ্চয়কৈ কমিশ্যনৰ অংক কৰিছে। তেওঁলোকে কমিশ্যনৰ স্বাৰ্থত, পইচাৰ স্বাৰ্থত এই দুই নম্বৰী কাম কৰিছে”, কোঁৱৰৰ অভিযোগ।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মধ্যাহ্ন ভোজনৰ দায়িত্ব NGO-ক দিয়াৰ সিদ্ধান্ত বাতিল কৰি পূৰ্বৰ দৰেই ৰন্ধন কৰ্মচাৰীৰ জৰিয়তে পুষ্টিকৰ আৰু সুস্বাদু খাদ্য যোগান ধৰিবলৈ আহ্বান জনায়।