NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত তিনিখন নতুন ফ্লাইঅ’ভাৰৰ প্ৰস্তুতি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 13, 2020 6:40 pm

ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে গুৱাহাটীত তিনিখন নতুন ফ্লাইঅ’ভাৰৰ ডি পি আৰ প্ৰস্তুত কৰি আছে।

নতুন ফ্লাইঅ’ভাৰকেইখন বশিষ্ঠ চাৰিআলি, লখৰা আৰু গড়চুকত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণ কৰা হ’ব।

গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ প্ৰশ্নৰ উত্তৰত বিধান সভাত এই তথ্য আগবঢ়াইছে।

মন্ত্ৰীগৰাকীয়ে লগতে জনাই যে এই ডি পি আৰ এমাহৰ ভিতৰতে সম্পূৰ্ণ হ’ব আৰু পৰৱৰ্তী সময়ত নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব।

গুৱাহাটীৰ জি এছ ৰ’ডত ইতিমধ্যে এখন টি-আৰ্হিৰ ডাবল-লেন ফ্লাইঅ’ভাৰৰ নিৰ্মাণ চলি আছে।

গুৱাহাটীৰ লগতে নগাওঁ, বঙাইগাওঁ আৰু ডিব্ৰুগড় চহৰতো এখনকৈ ফ্লাইঅ’ভাৰ নিৰ্মাণ কৰা হ’ব।

মহানগৰৰ মাজেদি পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশ সঘনে তীব্ৰ যানজঁটৰ সন্মুখীন হয়।

মহানগৰত চলা গাড়ীৰ লগতে দূৰণিবটীয়া বাছ-ট্ৰাকসমূহৰ ভিৰে পথচোৱাত যানজঁটৰ সৃষ্টি কৰি আহিছে।

বিশেষকৈ দিনৰ ভাগত বিদ্যালয়-কাৰ্য্যালয়ৰ সময়চোৱাত প্ৰায়েই পথচোৱাত যানজঁট সৃষ্টি হয়।