NORTHEAST NOW (Assamese)
Popular Stories

অখিল গগৈ মাওবাদী!, ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত এন আই এ (NIA) গ্ৰেপ্তাৰ কৰিলে গগৈক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 16, 2019 12:49 pm
অখিল গগৈ মাওবাদী!, ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত এন আই এ (NIA) গ্ৰেপ্তাৰ কৰিলে গগৈক

কৃষক নেতা অখিল গগৈক আজি অৰ্থাৎ সোমবাৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)ই গ্ৰেপ্তাৰ কৰে। কৃষক নেতা গৰাকীক NIA এ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে শনিবাৰে অৰ্থাৎ ১৪ ডিচেম্বৰত NIA এ অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। সংস্থাটোৱে দাখিল কৰা এজাহাৰত কৃষক নেতা গৰাকীক মাওবাদী সজোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে কেইবাটাও বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা জাপি দিছে।

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে এজাহাৰত উল্লেখ কৰা মতে অখিল গগৈ চিপিআই (মাওবাদী)ৰ অভৰাগ্ৰাউণ্ড নেতা। ২০০৯ চনত ৰিভলুশ্যনাৰী কমিউনিষ্ট চেণ্টাৰ (আৰচিচি)ৰ সৈতে লগ লাগিছিল কৃষক মুক্তি সংগ্ৰাম সমিতি। আৰু পিছত চিপিআইৰ সৈতে চামিল হয়।

তাৰোপৰি এজাহাৰত চিপিআইৰ হৈ কৃষক নেতাজনে দেশৰ বিভিন্ন ঠাই ভ্ৰমণ কৰা বুলিও উল্লেখ কৰিছে। লগতে অখিল গগৈয়ে চিপিআইৰ সভা আয়োজন কৰি আহিছে বুলিও উল্লেখ কৰিছে।

ইফালে এজাহাৰত অখিল গগৈৰ উপৰিও ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ, বিতু সোণোৱালৰো নাম উল্লেখ আছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যতে নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে উত্তাল প্ৰতিবাদ চলি থকাৰ মাজতে যোৱা ১২ ডিচেম্বৰত কৃষক নেতা অখিল গগৈ যোৰহাটৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

১২ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৮ বজাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীক জেষ্ঠ অধিবক্তা হেমেন বৰাৰ বাসগৃহলৈ যোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰা হৈছিল।