NORTHEAST NOW (Assamese)

গুৱাহাটী: ফুলৰ বেপাৰীৰ সন্ধানত ৩ বছৰে হায়ৰাণ এন আই এ’ৰ কব্জাত দুৰ্ধৰ্ষ আকবৰ

October 19, 2018 5:58 pm · এন ই নাও নিউজ
Updated: October 19, 2018 6:43 pm
প্ৰতিনিধিত্বমূলক ছবি। সৌজন্য- নিয়া।

২০১৫ চনৰে পৰা ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)ক হায়ৰাণ কৰি অহা মঃ আকবৰ আলী নামৰ এজন পলাতক অভিযুক্তক সংস্থাটোৰ হায়দৰাবাদৰ পৰা অহা এটা দলে গুৱাহাটীত গ্ৰেপ্তাৰ কৰিছে।

ৱিশাখাপট্টনমত জব্দ কৰা জাল ভাৰতীয় টকাৰ এক গোচৰ (নং RC 02/15/NIA/HYD)ত ২০১৫ চনৰে পৰা এন আই এ’ই বিচাৰি থকা আকবৰৰ মূৰৰ দাম ঘোষণা কৰা হৈছিল ২৫ হাজাৰ টকা।

অভিযোগ মতে ২০০৭ চনতে অসমৰ পৰা বেংগালুৰুলৈ গৈ এখন ফুলৰ দোকানত কাম কৰা আকবৰ জাল মুদ্ৰাৰ এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ সৈতে জৰিত।

হাকিম আলী নামৰ সম্পৰ্কীয় এজন লোকৰ জৰিয়তে জাল মুদ্ৰাৰ কাৰবাৰত হাত দিছিল আকবৰে। এই চক্ৰটোৱে পশ্চিমবংগৰ মালদাৰ পৰা জাল মুদ্ৰাৰ আন্তঃৰাষ্ট্ৰীয় বেহা পৰিচালনা কৰিছিল।

ৱিশাখাপট্টনমত ৫ লক্ষাধিক জাল টকাৰে সৈতে গ্ৰেপ্তাৰ হোৱা ছাদ্দাম হুছেইনে নিয়াৰ জেৰাত এই ব্যৱসায়ৰ সৈতে এটা বৃহৎ চক্ৰত অসমৰ আকবৰ জৰিত থকা বুলি স্বীকাৰ কৰিছিল।

ধৃত ছাদ্দাম হুছেইন আৰু আমিৰুল হুছেইন নামৰ দুজনৰ বিৰুদ্ধে ২০১৬ চনত আৰু এই বছৰৰ জুলাইত আকবৰৰ সম্পৰ্কীয় হাকিম আৰু ৰুস্তম নামৰ আন এজনৰ বিৰুদ্ধে এন আই এ’ই অভিযোগনামা দাখিল কৰিছিল।

গুৱাহাটীৰ গৰচুক আৰক্ষী থানাৰ অন্তৰ্গত কটাহবাৰীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা ২৯ বছৰীয়া আকবৰৰ ঘৰ কামৰূপ জিলাৰ ছয়গাঁৱত।

আকবৰক বৃহস্পতিবাৰে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছতে ৱিজয়ৱাড়াস্থিত এন আই এ’ৰ বিশেষ আদালতলৈ লৈ যোৱা হৈছে।

Related News