NORTHEAST NOW (Assamese)
Popular Stories

বিধানসভাত শপত গ্ৰহণ কৰিব পাৰিব কাৰাৰুদ্ধ বিধায়ক অখিল গগৈয়ে : NIA আদালতৰ অনুমতি প্ৰদান

Posted by: প্ৰাঞ্জল দেউৰী Updated by: প্ৰাঞ্জল দেউৰী May 11, 2021 6:29 pm
Akhil Gogoi1

১২৬ গৰাকী নিৰ্বাচিত বিধায়কৰ সৈতে কাৰাৰুদ্ধ বিধায়ক অখিল গগৈয়েও বিধানসভাৰ অধিৱেশনৰ কক্ষত শপত গ্ৰহণ কৰিব পাৰিব।

বহু জল্পনা কল্পনাৰ অন্তত আজি NIAৰ আদালতে শিৱসাগৰ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক অখিল গগৈক বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ অনুমতি প্ৰদান কৰিছে।

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ অধিবক্তাই বিধায়ক হিচাপে তেওঁৰ শপত গ্ৰহণৰ অনুমতি বিচাৰি NIAৰ আদালতত এক লেখ আবেদন দাখিল কৰিছিল।

উক্ত আবেদনৰ শুনানি গ্ৰহণ কৰি আজি NIAৰ আদালতে কাৰাৰুদ্ধ নৱনিৰ্বাচিত বিধায়ক অখিল গগৈক শপত গ্ৰহণৰ অনুমতি প্ৰদান কৰিছে।

অখিল গগৈৰ হৈ NIAৰ আদালতত আবেদন দাখিল কৰা জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে আমাৰ সাংবাদিকৰ আগত কয় যে NIAৰ আদালতৰ অনুমতি সাপেক্ষে বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কাৰাৰুদ্ধ বিধায়ক অখিল গগৈক শপত গ্ৰহণৰ দিনা এছক’ৰ্ট দি বিধানসভাৰ মজিয়াত শপত গ্ৰহণ কৰিবলৈ নিয়া হ’ব আৰু শপত গ্ৰহণ শেষ হোৱাৰ পিছতে তেওঁক পুনৰ জিএমএইচলৈ লৈ যোৱা হ’ব।

উল্লেখ্য যে অসমৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে কোনো এক কাৰাৰুদ্ধ বিধায়কে আদালতৰ অনুমতি সাপেক্ষে বিধানসভাৰ মজিয়াত বিধায়ক হিচাপে শপত গ্ৰহণ কৰিব।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কাৰাৰুদ্ধ অৱস্থাৰেৰে শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি নিকটতম প্ৰাৰ্থী বিজেপিৰ সুৰভী ৰাজকুঁৱৰীক ১১,৭৮২ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয় লাভ কৰিবলৈ সক্ষম হৈছিল।

স্মৰ্বত্য যে NIAৰ গোচৰত দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ থকা অখিল গগৈৰ জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰাৰ বিপৰীতে দেশৰ উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিন আবেদন গ্ৰহণ কৰা নাছিল।