NORTHEAST NOW (Assamese)
অসম

কা-বিৰোধী আন্দোলন সম্পৰ্কীয় গোচৰত সাংবাদিক মানস জ্যোতি বৰুৱাক NIAৰ তলৱ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 15, 2020 7:02 am
Story-6-22-1140x570

মিৰ’ৰ অফ আছাম নামৰ নিউজ প’ৰ্টেলটোৰ সৈতে জড়িত সাংবাদিক মানস জ্যোতি বৰুৱাক নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন সম্পৰ্কীয় এক গোচৰত নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি (NIA)য়ে মাতি পঠিয়াইছে।

বৰুৱাই জানিবলৈ দিয়ে যে এন আই এৰ সোণাপুৰত থকা কাৰ্যালয়ৰ পৰা নিজকে ড০ সিং বুলি পৰিচয় দিয়া এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকে তেওঁক তলৱ কৰিছে।

বৰুৱাই জানিবলৈ দিয়ে যে তেওঁক শুকুৰবাৰে দুপৰীয়া ১২ বজাত এণ আই এৰ কাৰ্যালয়টোত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

‘’গোচৰ নম্বৰটোৰ পৰা মই জানিব পাৰিছিলো যে এইটো কৃষক নেতা অখিল গগৈৰ গ্ৰেপ্তাৰ তথা যোৱা বছৰ কেইবাজনেও জীৱন হেৰুওৱা কা-বিৰোধী আন্দোলনৰ সৈতে জড়িত,’’-বৰুৱাৰ উদ্ধৃতিৰে দ্য হিন্দুই প্ৰকাশ কৰিছে।

নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে ইয়াৰ পূৰ্বে তথ্যৰ অধিকাৰ আইনৰ কৰ্মী ভবেন সন্দিকৈক যোৱা ৯মে’ত কা-বিৰোধী প্ৰতিবাদত জড়িত থকাৰ একেটা গোচৰতে সোণাপুৰৰ কাৰ্যালয়লৈ মাতি পঠিয়াইছিল।