NORTHEAST NOW (Assamese)
Popular Stories

মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 3, 2025 6:18 pm

পেহেলগাম সন্ত্ৰাসৰ তদন্তৰ সময়তে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই বিস্ফোৰক তথ্যৰ সন্মুখীন হৈছে। এই সন্ত্ৰাসৰ মাষ্টাৰমাইণ্ড আছিল লস্কৰ-ই-তৈবাৰ ভাতৃ সংগঠন টি আৰ এফ। তদন্তকাৰীয়ে দাবী কৰিছে যে পাকিস্তান-মালয়েছিয়াৰ পৰা হাৱালাৰ জৰিয়তে টি আৰ এফলৈ ধন প্ৰেৰণ কৰা হৈছিল। শ্ৰীনগৰৰ এজন ব্যক্তিৰ মোবাইল ফোনৰ ভিত্তিত এই চাঞ্চল্যকৰ তথ্য জানিবলৈ লৈছে এন আই এয়ে। তদন্তকাৰী সংস্থাটোৱে মালয়েছিয়াৰ পৰা ধন প্ৰেৰণ কৰা ব্যক্তিজনৰ সকলো তথ্যও জানিবলৈ দিছে। সূত্ৰ অনুসৰি ভাৰতে এই সকলোবোৰ প্ৰমাণ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো দাঙি ধৰিব।

শ্ৰীনগৰত থকা ব্যক্তিজনৰ ফোনত তালাচী চলাই তদন্তকাৰীয়ে ৪৬৩টা ফোন কল পোৱা বুলি এন আই এয়ে অৱগত কৰিছে। তাৰ পৰাই জনা যায় যে টি আৰ এফক একাধিক দেশৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰা হৈছিল। এই তালিকাত মালয়েছিয়া আৰু পাকিস্তান উল্লেখযোগ্য। মালয়েছিয়াত বাস কৰা উগ্ৰপন্থী ছাজ্জাদ আহমেদ মিৰ নামৰ এজন অভিযুক্তৰ নাম চৰ্চালৈ আহিছে। সন্দেহযুক্ত লোকৰ তালিকাত আছে ইয়াছিৰ হায়াত নামৰ আন এজন অভিযুক্ত। হায়াতে টি আৰ এফৰ বাবে ধন সংগ্ৰহৰ বাবে কেইবাবাৰো মালয়েছিয়ালৈ গৈছিল। মিৰৰ সহায়ত তেওঁ উগ্ৰপন্থী সংগঠনটোৰ বাবে ৯ লাখ টকা সংগ্ৰহ কৰে। এই ধন সংগঠনটোৰ আন এজন কৰ্মী শ্বাফাত ৱানীক দিয়া হৈছিল।

এন আই এৰ তদন্তত প্ৰকাশ পাইছে যে হায়াতৰ কেৱল মিৰৰ সংস্পৰ্শই নহয়, দুজন পাকিস্তানী নাগৰিকৰ সৈতেও ঘনিষ্ঠ যোগাযোগ আছিল। টি আৰ এফৰ এই শীৰ্ষ নেতাৰ কাম আছিল মূলতঃ বহিঃৰাষ্ট্ৰত বাস কৰা উগ্ৰপন্থী সমৰ্থকৰ সৈতে যোগাযোগ বজাই ৰখা আৰু সংগঠনটোৰ বাবে ধন সংগ্ৰহ কৰা। ১৩ আগষ্টত এন আই এয়ে কৈছিল যে তেওঁলোকে টি আৰ এফৰ বিদেশী পুঁজিৰ সৈতে এটা লিংকৰ সন্মুখীন হৈছে। এতিয়া সেই বিদেশী ধনৰ সকলো তথ্য ৰাজহুৱা কৰা হৈছে।

মন কৰিবলগীয়া যে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত উগ্ৰপন্থীৰ গুলীচালনাত ২৬ জন লোক নিহত হোৱাৰ পিছত টি আৰ এফে দায়িত্ব গ্ৰহণ কৰিছিল। পিছত তেওঁলোকে নিজৰ বিবৃতি সলনি কৰি নতুন বিবৃতি প্ৰকাশ কৰে। য’ত টি আৰ এফে কয় যে পেহেলগাম কাণ্ডৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই। অৱশ্যে টি আৰ এফে নিজৰ স্থিতি সলনি কৰিছে যদিও পাকিস্তানৰ হেঁচাত এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি অস্বীকাৰ কৰিছে। আনকি যেতিয়া ভাৰতে ৰাষ্ট্ৰসংঘত টি আৰ এফক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়াও পাকিস্তানে ইয়াৰ বিৰোধিতা কৰিছিল।