NORTHEAST NOW (Assamese)
Popular Stories

‘বাইডেন আৰু ট্ৰাম্প বিৰক্তিকৰ বৃদ্ধ’, আমেৰিকাৰ দুই নেতাৰ বয়সক লৈ কটাক্ষ নিকি হেলীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 2, 2024 9:44 am

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ৰিপাব্লিকান নেতা ড’নাল্ড ট্ৰাম্প ‘বিৰক্তিকৰ বুঢ়া মানুহ’। ভাৰতীয় মূলৰ ৰিপাব্লিকান নেত্ৰী নিকি হেলীয়ে দুয়োগৰাকী জ্যেষ্ঠ নেতাৰ বয়সক লৈ এইদৰে  তীব্ৰ আক্ৰমণ চলায়। কেৱল সেয়াই নহয়, ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীয়ে নেতা দুজনক উপহাস কৰি ছ’চিয়েল মিডিয়াতো বিভিন্ন ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশ কৰিছে।

নিউয়ৰ্ক টাইমছত প্ৰকাশিত বাতৰি অনুসৰি ৰিপাব্লিকান নেত্ৰী নিকি হেলীয়ে নিৰ্বাচনী প্ৰচাৰত কয় যে, “৮০ বছৰৰ পাছত ৰাষ্ট্ৰপতি হ’বলৈ যোৱা দুজন বন্ধু। তেওঁলোকৰ সৈতে এই নিৰ্বাচন আমি বিচাৰো নেকি?”

ইয়াৰ আগতে এবাৰ তেওঁ কোৱা শুনা গৈছিল, “আমাৰ চৌপাশে বহুত বুঢ়া মানুহ আছে। যেনে জো বাইডেন। মই মাত্ৰ ক’ব বিচাৰিছো যে তেওঁ বুঢ়া হৈছে।”

লগতে পঢ়কঃ ২৯ ফেব্ৰুৱাৰীৰ পিছত Paytm সেৱা বন্ধ কৰাৰ নিৰ্দেশ RBIৰ; শ্বেয়াৰত খহনীয়া

ইয়াৰ পিছত বুধবাৰে নিকিয়ে এক্স হেণ্ডেলত বিজ্ঞাপন দি দুয়োজন নেতাক উপহাস কৰে। য’ত দেখা গৈছে ‘গ্ৰামপি অল্ড মেন’ নামৰ কমেডী চিনেমাৰ পোষ্টাৰত নায়ক দুজনৰ ঠাইত ট্ৰাম্প আৰু বাইডেনৰ ছবি। কেপচনত লিখা আছে, ‘কোনোৱেই এই ৰিমেচ নিবিচাৰে।’

উল্লেখ্য যে ৫২ বছৰীয়া নিকি হেলী আগন্তুক নিৰ্বাচনত ডেম’ক্ৰেটিক নেতা জো বাইডেন আৰু ৰিপাব্লিকান নেতা ড’নাল্ড ট্ৰাম্পৰ প্ৰতিদ্বন্দ্বী। তেওঁ নিৰ্বাচনী প্ৰচাৰত দুয়োগৰাকী নেতাৰ বয়সক ব্যৱহাৰ কৰিছিল।

বৰ্তমান ৰিপাব্লিকান দলৰ দৌৰত ট্ৰাম্পতকৈ পিছ পৰি আছে নিকি। ট্ৰাম্পে নিউ হামশ্বায়াৰ আৰু আইঅ’ৱাৰ আসনত জয়লাভ কৰে। সেয়ে, নিকিয়ে নিজৰ ভাৱমূৰ্তি জনসাধাৰণৰ সন্মুখত প্ৰক্ষেপ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে। তেওঁ নিজকে নতুন প্ৰজন্মৰ নেতা হিচাপে প্ৰমাণ কৰিব বিচাৰে। এই কাৰণতে বিশ্লেষকসকলে কয় যে তেওঁ দুয়োৰে বয়সৰ কথা উল্লেখ কৰি সাধাৰণ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে।

লগতে পঢ়কঃ Interim Budget 2024: বাজেটত কৃষি মন্ত্ৰালয়ৰ বাবে আৱণ্টন সৰ্বনিম্ন ১.২৭ লাখ কোটি টকা; সাংসদ-মন্ত্ৰীৰ দৰমহাৰ বাবে কিমান?

উল্লেখ্য যে নিকি দুবাৰকৈ দক্ষিণ কেৰ’লিনাৰ গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। তেওঁ ৰাষ্ট্ৰসংঘত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰদূতো আছিল। তেওঁ সদায় ট্ৰাম্পৰ কঠোৰ সমালোচক। ট্ৰাম্পৰ সৈতে হোৱা মতানৈক্যৰ বাবে ২০১৮ চনত হঠাতে পদত্যাগ কৰিছিল নিকিয়ে। অহা মাহত দক্ষিণ কেৰ’লিনাত আন এক নিৰ্বাচন অনুষ্ঠিত হ’ব। য’ত নিকি জয়ী হোৱাৰ বাবে আশাবাদী।