NORTHEAST NOW (Assamese)

ৰং তুলিকাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল এগৰাকী অসম কন্যা; নাম লিখিলে ইণ্ডিয়া বুকচ অৱ ৰেকৰ্ডত

July 20, 2021 12:34 pm · পার্শ্বজোতি গগৈ
ফটো: নৰ্থইষ্ট নাও।

নিজৰ প্ৰতিভাৰ জড়িয়তে ইণ্ডিয়া বুকচ অৱ ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হল এগৰাকী যুৱতী।

শিৱসাগৰৰ শুকান পুখুৰীৰ এই যুৱতীগৰাকীৰ নাম হ’ল নিমিশা কাকতি।

সাঁচি পাতৰ পুথিত যিদৰে অসমীয়া পৌৰাণিক চিত্ৰ শৈলী অংকন কৰা হৈছিল ঠিক সেইদৰে নিমিশা কাকতিয়ে নৃসিংহ যাত্ৰা ভাওনাখন প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি কাগজত অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তভুক্ত কৰিবলৈ সক্ষম হৈছে।

এই চিত্ৰশৈলীক Manuscript Art বুলি কোৱা হয়। নিমিশাই ভাওনাখনৰ গায়ন-বায়নৰ প্ৰৱেশ, সুত্ৰধাৰৰ প্ৰৱেশ আৰু আন আন দৃশ্য সমুহ অংকন কৰিছে।

Manuscript Art ৰ আৰ্হিত অংকন কৰা এই ভাওনা খনত ব্যৱহৃৰ কৰা নাই কোনোধৰণৰ কৃত্ৰিম ৰঙৰ। প্ৰতিটো ৰং নিমিশাই প্ৰাকৃতিকভাৱে নিজে প্ৰস্তুত কৰিছে।

হালধীয়া ৰঙৰ বাবে হালধি, কলা ৰং মাটি চাকিৰ ভাপৰ পৰা, ৰঙা ৰং সেন্দুৰৰ পৰা,  বিলাহী পাতৰ পৰা সেউজীয়া ৰং, অপৰাজিতা ফুলৰ পৰা নীলা ৰং, পুৰৈ শাকৰ গুটিৰ পৰা বেঙুনীয়া ৰং, পাৰ্পেল নাইট গছৰ পাতৰ পৰা ব্ৰাউন ৰং প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰি নিমিশাৰ হাতৰ পৰশত নৃসিংহ যাত্ৰা নামৰ ভাওনাখনে চিত্ৰ আকাৰত প্ৰাণ পাই উঠে।

যাৰ বাবে ইণ্ডিয়া বুক অৱ ৰেকডৰ্ত স্থান লাভ কৰি শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় নিমিশা কাকতি।

নিমিশাই কাগজত অংকন কৰা এই ভাওনাখন ৭৩ টা দৃশ্যত বিভক্ত। ইয়াত ৩১ টা চৰিত্ৰ আছে। ভাওনাখনৰ চিত্ৰৰূপৰ দৈৰ্ঘ্য ৫৪.১০ ফুট। প্ৰতিখন ফলকৰ দৈৰ্ঘ্য ৯ ইঞ্চি অৰু প্ৰস্থ ৬ ইঞ্চি। এই ভাওনা খন সম্পূৰ্ণ চিত্ৰ আকাৰত প্ৰস্তুত কৰিবলৈ নিমিশাক দহ দিনৰ প্ৰয়োজন হৈছিল বুলি জানিবলৈ দিয়ে।

বৰ্তমান যিসময়ত Manuscript Art ৰ ধাৰণা লুপ্ত হ’বলৈ ধৰিছে সেই সময়তে সম্পূৰ্ণ প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি সকলোৱে বুজিব পৰাকৈ নৃসিংহ যাত্ৰ ভাওনাখন অংকন কৰি অসমীয়া চিত্ৰ কলা, অসমীয়া সংস্কৃতি তথা গুৰুজনাৰ সৃষ্টি ভাওনাক বিশ্বমুখী কৰাৰ প্ৰচেষ্টাৰ বাবে সকলোৱে প্ৰশংসা কৰিছে নিমিশা কাকতিক।

নৰ্থইষ্ট নাও তৰফৰ পৰাও নিমিশাৰ এই সাফল্যক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যত জীৱন উজ্জল কামনা কৰিলোঁ।

Related News