NORTHEAST NOW (Assamese)
অসম

দেশৰ শীৰ্ষ ফাৰ্মাচি শিক্ষানুষ্ঠানৰ তালিকাত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটীৰ জি আই পি এছ

Posted by: এন ই নাও নিউজ April 9, 2019 10:10 pm
Girijananda Chowdhury Institute of Pharmaceutical Science

ভাৰতৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ কেন্দ্ৰীয় চৰকাৰ অনুমোদিত এন আই আৰ এফ  ৰেংকিঙত ফাৰ্মাচি শিক্ষাৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ ৭৫টা প্ৰতিষ্ঠানৰ মাজত স্থান লাভ কৰিছে অসমৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল চায়েন্সে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তালিকাখনত ২৮নং স্থান পোৱাৰ বিপৰীতে গুৱাহাটীৰ জি আই পি এছে লাভ কৰিছে ৭২নং স্থান।

২০১৯ বৰ্ষত মূল্যায়ন কৰা দেশৰ প্ৰায় ৩০০খন প্ৰতিষ্ঠানৰ ভিতৰত তালিকাত শীৰ্ষৰ ৭৫খনৰ অন্তৰ্ভুক্ত হ’বলৈ সক্ষম হোৱা প্ৰতিষ্ঠান দুটাই যোৱা বছৰো এই ৰাষ্ট্ৰীয় ৰেংকিঙত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

২০১৮ চনৰ তালিকাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ২৯ আৰু জি আই পি এছে ৭৫নং স্থান লাভ কৰিছিল।

দেশৰ ফাৰ্মাচি শিক্ষা প্ৰতিষ্ঠানসমূহৰ মাজত শীৰ্ষৰ ৫টা স্থান পোৱা প্ৰতিষ্ঠানসমূহ হৈছে— নতুন দিল্লীৰ জামিয়া হামদৰ্দ, চণ্ডীগড়ৰ পঞ্জাৱ বিশ্ববিদ্যালয়, ম’হালিৰ নেচনেল ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল এদুকে’চন এন্দ ৰীচাৰ্চ্চ আৰু ৰাজস্থান পিলানিৰ বি আই টি এছ।