NORTHEAST NOW (Assamese)
অসম

কৰ’না সংকট! শক্তিপীঠ কামাখ্যাত এইবাৰো বাতিল অম্বুবাচী মেলা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 4, 2021 2:14 pm
17-06-18-Guwahati-Kamakhya-Ambubachi-Mela-4-768x425

শক্তিপীঠ কামাখ্যাত এইবাৰো অম্বুবাচী মেলা বাতিল কৰা হৈছে। কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই বাতিল কৰা হৈছে অম্বুবাচী মেলা।

এইবাৰকে ধৰি একেৰাহে দ্বিতীয় বছৰৰ বাবেও বাতিল কৰা হ’ল বিশ্ব বিখ্যাত অম্বুবাচী মেলা।

কামাখ্যা দেৱালয় সকলো ভক্ত আৰু পৰ্যটকৰ বাবে বন্ধ থাকিব। অৱশ্যে ধৰ্মীয় ৰীতি-নীতিৰে মন্দিৰৰ ভিতৰত অনুষ্টুপীয়াকৈ অম্বুবাচী পালন কৰা হ’ব।

কামাখ্যা দেৱোত্তৰ ব’ৰ্ডে আজি এক বিবৃতিযোগে এই কথা জানিবলৈ দিছে।

কৰ’নাৰ সংক্ৰমণৰ বাবে যোৱা ১৩ এপ্ৰিলৰ পৰাই কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ আছে।

Kamakhya-Temple

সমগ্ৰ পৃথিৱীৰ লগতে ভাৰততো ক’ৰ’না ভাইৰাছে সংহাৰীৰূপ ধাৰণ কৰিছে।

যোৱা বছৰ দেশত ক’ৰ’না প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ল’কডাউনৰ সময়তে মা কামাখ্যা দেৱালয়ে সেইবছৰ অম্বুবাচী মেলা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

উল্লেখ্যে যে, অম্বুবাচী মেলা হৈছে হিন্দু ধৰ্মাৱলম্বীসকলৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ ধৰ্মীয় সমাৱেশ। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত প্ৰাক্-ঐতিহাসিক মা কামাখ্যাত অম্বুবাচী মেলা প্ৰতি বছৰে আহাৰ মাহৰ ষাঁঠ লগাৰ সময়ত অৰ্থাৎ পৃথিৱী ঋতুমতী হোৱাৰ সময়ত অনুষ্ঠিত কৰা হয়।

সাধাৰণতে প্ৰতি বছৰে আহাৰৰ ষাঁঠত অনুষ্ঠিত কামাখ্যাৰ অম্বুবাচী মেলাত লক্ষাধিক ভক্ত আৰু সাধুৰ সমবেশ হয়।