NORTHEAST NOW (Assamese)
অসম

বৰবৰুৱাৰ ধৰ্ষণ আৰু হত্যাকাণ্ড; ২৪ ঘণ্টাৰ পিছতো গ্ৰেপ্তাৰ হোৱা নাই অপৰাধী

Posted by: অভিক চক্ৰৱৰ্তী Updated by: অভিক চক্ৰৱৰ্তী August 18, 2019 8:11 pm
Murder

ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত যোৱা শনিবাৰে সংঘটিত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ সৈতে জড়িত অপৰাধীক এইপৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে।

উল্লেখযোগ্য যে কালি বৰবৰুৱা চাহ বাগিচাৰ নলাত এগৰাকী ২১ বছৰয়ীৰ আদিবাসী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছিল।

যুৱতীগৰাকীৰ পৰিয়ালৰ সদস্য আৰু স্থানীয় লোকৰ অভিযোগ মতে কোনো দুৰ্বৃত্তই তেওঁক ধৰ্ষণ কৰি পিছত এনেদৰে হত্যা কৰি বাগিচাৰ নলাত পেলাই থৈ যায়। নিহত যুৱতীগৰাকীয়ে বি চি পি এল টাউনশ্বিপৰ কৰ্মচাৰীসকলৰ কোৱাৰ্টাৰত বনকৰা মহিলা হিচাপে কাম কৰিছিল।

সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ জিলা প্ৰচাৰ সম্পাদক লখিন্দ্ৰ কুৰ্মীয়ে কয়, ’২৪ ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো আৰক্ষীয়ে দোষীক ধৰিবলৈ সক্ষম নহ’ল।‘

‘চৰকাৰে মহিলাসকলক নিৰাপত্তা দিয়াত বিফল হৈছে। ঘটনাটো ৰাষ্ট্ৰীয় ঘাইপথৰ মাত্ৰ কেইমিটাৰমান আঁতৰত ঘটিছে। আমি ইয়াক গৰিহনা দিয়াৰ লগতে দোষীক অনতিপলমে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক দাবী জনাইছো।‘ তেওঁ লগতে কয়।

পৰিলয়াৰ লোকৰ মতে যুৱতীগৰাকীয়ে শনিবাৰে পুৱা প্ৰায় ৬.৩০ বজাতে বৰবৰুৱা চাহ বাগিচাৰ ৩নং লাইনতস্থিত তেওঁৰ ঘৰৰ পৰা কামলৈ বুলি ওলাই আহিছিল।

আনদিনাৰ দৰে কালিও বাগিচাখনৰ ৫ নং লাইনেৰে তেওঁ কামলৈ গৈছিল। পুৱা প্ৰায় ৮.৩০ বজাত পাত তুলি থকা বাগানৰ শ্ৰমিকে উক্ত লাইনৰ এটা নলাত তেওঁৰ মৃতদেহটো উদ্ধাৰ কৰে।

উদ্ধাৰ কৰা সময়ত নিহত যুৱতীগৰাকীৰ ডিঙিত কাপোৰ বন্ধা আছিল।

পিছত পৰিয়ালৰ লোকে বৰবৰুৱা আৰক্ষী থানাত ধৰ্ষণ আৰু হত্যাৰ অভিযোগ তুলি এখন এজাহাৰ দাখিল কৰে।

‘আমি বিষয়টোৰ অনুসন্ধান চলাই আছো। এইপৰ্যন্ত কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।‘ থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনুজ বৰুৱাই কয়।