NORTHEAST NOW (Assamese)

কোনো বাংলাদেশী নাহে, ক’তো খিলঞ্জীয়াৰ মাটি নাযায়

February 23, 2020 8:36 pm · অভীক চক্ৰবৰ্তী
Updated: February 23, 2020 8:44 pm
ডিব্ৰুগড়ৰ সংকল্প যাত্ৰাৰ ছবি। সৌজন্য- টুইটাৰ।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে ডিব্ৰুগড়ত বিজেপিৰ “সংকল্প সমাৰোহ”ক সম্বুধি কয় যে অসমলৈ কোনো বাংলাদেশী নাহে আৰু ক’তো খিলঞ্জীয়াৰ ভূমি কাঢ়ি নলয়।

খিলঞ্জীয়াৰ সমৰ্থনত বিজেপি শাসনলৈ অহা বুলি দাবী কৰি গৃহ জিলাৰ খনিকৰত অনুষ্ঠিত বিশাল সমাৱেশত মুখ্য মন্ত্ৰীয়ে কয় এই বিষয়ক লৈ  কিছুমান সংগঠনে অপপ্ৰচাৰ চলাইছে।

নাগৰিকত্ব আইন ২০১৯বিৰোধী প্ৰতিবাদৰ বিপৰীতে শাসক দলটোৱে আয়োজন কৰা সমাৱেশত সোণোৱালে মূলতঃ কা-বিৰোধীসকলক চোকা সমালোচনা কৰা দেখা যায়।

“কিছুমান সংগঠনে আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ বিয়পাই আছে যে বাংলাদেশী আহিব আৰু খিলঞ্জীয়া মানুহৰ ভূমি কাঢ়ি ল’ব। তেওঁলোকে সমাজত বিশৃংখলতা, খেলিমেলি আৰু বিভাজনৰ সৃষ্টি কৰিছে,” সোণোৱালে কয়।

“আমাৰ চৰকাৰ খিলঞ্জীয়াৰ চৰকাৰ…প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰত্যেক সম্প্ৰদায়ৰ হৈ কাম কৰি যাবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।”

সমৱেত কেইবাহাজাৰো লোকক সম্বুধি সোণোৱালে কয় যে তেওঁৰ সংকল্প অসমৰ উন্নয়ন। সমাৱেশখনত ডিব্ৰুগড়ৰ লগতে চুবুৰীয়া ধেমাজি, শিৱসাগৰ, তিনিচুকীয়া, যোৰহাট আৰু চৰাইদেউ জিলাৰ লোকো আহি সমবেত হৈছিল।

“আমাৰ সংকল্প অসমৰ উন্নয়ন। আমি কৰ্ম সংস্কৃতিত মনোনিৱেশ কৰিছো, কাৰণ আন্দোলন নহয় কেৱল কৰ্মৰ জৰিয়তেহে উন্নয়ন সম্ভৱ।”

বিৰোধী কংগ্ৰেছক সমালোচনাৰ লক্ষ্য কৰি সোণোৱালে কয় যে কংগ্ৰেছ চৰকাৰে ওকালতি কৰা বিভাজন আৰু শাসনৰ নীতিত তেওঁলোকে বিশ্বাস নকৰে।

ৰাজ্যৰ উন্নয়নৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বহুবিলাক উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছে, সোণোৱালে লগতে কয়।

“আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ বাবে জনসাধাৰণে সক্ৰিয় ভূমিকা পালন কৰিব লাগিব।”

সমাৱেশখনত সোণোৱালৰ লগতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, লখিমপুৰ আৰু যোৰহাটৰ সাংসদ ক্ৰমে প্ৰদান বৰুৱা আৰু তপন গগৈ আৰু উজনিৰ কেউজন বিজেপি বিধায়ক উপস্থিত আছিল।

মিত্ৰদল বিজেপিৰ দুই নেতা, মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তও সমাৱেশত উপস্থিত আছিল।

কা-বিৰোধী ব্যাপক প্ৰতিবাদৰ পিছত খনিকৰৰ “সংকল্প সমাৰোহ”এই হৈছে উজনিত শাসক দলটোৰ প্ৰথমখন বিশাল সমাৱেশ।

Related News