NORTHEAST NOW (Assamese)

আজি মাধৱদেৱৰ জন্মজয়ন্তীৰ দিনাও উকা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ

May 27, 2021 3:30 pm · নিৰ্মলেন্দু পাঠক
Updated: May 27, 2021 3:31 pm

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৩ সংখ্যক জন্মজয়ন্তী।

সমগ্ৰ ৰাজ্যৰে নামঘৰসমূহত আজিৰ এই পবিত্ৰ দিনটোত উদযাপন কৰা হৈছে জন্ময়ন্তী উৎসৱ।
ক’ৰ’না মহামাৰীৰ ভয়াবহতাৰ পৰিপ্ৰেক্ষিতত মহাপুৰুষ জনাই নিজে স্থাপন কৰা যোৰহাট জিলাৰ ঢেকীয়াখোৱা বৰ নামঘৰত আজি  নিমাওমাও পৰিবেশে বিৰাজ কৰিছে।

কেৱল কেইজনমান ভক্তৰ উপস্থিতিত নিত্য নৈমিত্তিক নাম প্ৰসংগৰ লগতে এখনি শৰাই আগবঢ়াই পৰিচালনা সমিতিয়ে।

লগতে এই পবিত্ৰ ক্ষণতে নামঘৰৰ প্ৰাংগণৰ পৰাই বিশ্ববাসীৰ মংগলৰ অৰ্থে পৰিচালনা সমিতিয়ে এখনি শৰাই আগবঢ়ায় সকলোকে আশীৰ্বাদ প্ৰদান কৰিছে।

Related News