NORTHEAST NOW (Assamese)
Popular Stories

চাবাহাৰ ৰে’ল প্ৰকল্পৰ পৰা ভাৰতক বাদ দিয়াৰ বাতৰি অস্বীকাৰ ইৰানৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 16, 2020 5:04 pm
Chabahar

ইৰানৰ চাবাহাৰ-জাহেদান ৰে’ল প্ৰকল্পৰ পৰা ভাৰতক বাদ দিয়া বুলি শেহতীয়াকৈ সংবাদ মাধ্যমত খবৰ প্ৰকাশ পোৱাৰ পিছতেই সমগ্ৰ দেশ জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

আনকি বিৰোধীয়েও বিষয়টোক লৈ চৰ্চা আৰম্ভ কৰিছিল।এনে সময়তে ইৰানে চাবাহাৰ ৰে’ল প্ৰকল্পৰ পৰা ভাৰতক বাদ দিয়াৰ বাতৰি অস্বীকাৰ কৰিছে।

ইৰান চৰকাৰৰ বন্দৰ দপ্তৰৰ শীৰ্ষ বিষয়া ফাৰহাদ মন্তাছে এই প্ৰসংগত মন্তব্য কৰি কৈছে যে চাবাহাৰ-জাহেদান ৰে’ল প্ৰকল্পৰ ক্ষেত্ৰত ভাৰতৰ সৈতে কোনো চুক্তিয়েই স্বাক্ষৰ হোৱা নাছিল।

এই ক্ষেত্ৰত প্ৰকল্পটোৰ পৰা ভাৰতক বাদ দিয়াৰ প্ৰসংগ ক’ৰ পৰা উদ্ভৱ হ’ল বুলিও তেওঁ প্ৰশ্ন কৰে।

তেওঁ লগতে উল্লেখ কৰে যে চাবাহাৰ প্ৰকল্পৰ উন্নয়নৰ বাবেহে ভাৰতৰ সৈতে ইৰানে দুখন চুক্তি কৰিছিল।

ইয়াৰে এখন চুক্তি অনুসৰি ভাৰতে চাবাহাৰ প্ৰকল্পৰ কাৰিকৰী দিশৰ উন্নয়নৰ বাবে ১৫০ নিযুত মাৰ্কিন ডলাৰ ব্যয় কৰাৰ কথা।

সেই চুক্তি এতিয়াও ভাৰতৰ সৈতে বাহাল থকা বুলি তেওঁ কয়।

কথা ওলাইছিল যে চীনৰ হেঁচাতে ইৰানে ভাৰতৰ সৈতে থকা চাবাহাৰ-জাহেদান ৰে’ল প্ৰকল্পৰ চুক্তিৰ পৰা ভাৰতক বাদ দিছিল।