NORTHEAST NOW (Assamese)
অসম

ঈদত পাকিস্তানৰ সৈতে নহ’ল বি এছ এফৰ মিঠাইৰ আদান-প্ৰদান; বাংলাদেশৰ সৈতে ভগালে ঈদৰ মিঠাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 25, 2020 9:02 pm
ঈদত পাকিস্তানৰ সৈতে নহ’ল বি এছ এফৰ মিঠাইৰ আদান-প্ৰদান; বাংলাদেশৰ সৈতে ভগালে ঈদৰ মিঠাই

ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী(বি এছ এফ)য়ে ঈদৰ দিনাখন পাকিস্তান ৰেঞ্জাৰৰ সৈতে কোনোধৰণৰ মিঠাইৰ আদান প্ৰদান নকৰিলে।

ভাৰত আৰু পাকিস্তানৰ মাজৰ বৰ্তমানৰ বেয়া সম্পৰ্কৰ বাবে বি এছ এফ আৰু পাকিস্তান ৰেঞ্জাৰৰ মাজত কোনোধৰণৰ মিঠাইৰ আদান প্ৰদান কৰা নহ’ল বুলি জানিব পৰা গৈছে।

ইয়াৰ বিপৰীতে বি এছ এফৰ জোৱান সকলে বাংলাদেশৰ বোৰ্ডাৰ গাৰ্ড অফ বাংলাদেশৰ জোৱান সকলৰ সৈতে মিঠাইৰ আদান প্ৰদান কৰি শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, ভাৰত আৰু পাকিস্তানৰ মাজত সীমান্তত চলি থকা উত্তজেনাময় পৰিস্থিতি আৰু দুয়োখন দেশৰ মাজৰ বেয়া কুটনৈতিক সম্পৰ্কৰ বাবেই ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ ক্ৰমাৎ অৱনতি ঘটিছে।

পাকিস্তানে সীমান্তত যুদ্ধবিৰতি ভংগ কৰি অহাৰ লগতে সন্ত্ৰাসবাদী কাৰ্য্যকলাপ বৃদ্ধি কৰাত সহায় কৰি আহিছে।