কৃষিজাত সামগ্ৰীত কীটনাশকৰ উপস্থিতি তাৎক্ষণিকভাৱে ধৰা পেলোৱাৰ ব্যৱস্থা নাই ৰাজ্যত

মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে কয় যে অসমত শাক–পাচলি আৰু অন্যান্য কৃষিজাত সামগ্ৰীত কীটনাশকৰ উপস্থিতি তাৎক্ষণিকভাৱে ধৰা পেলোৱাৰ ব্যৱস্থা নাই।
উচ্চ ন্যায়ালয়ে শাক–পাচলিত কীটনাশক ব্যৱহাৰৰ সৈতে জড়িত পিআইএলৰ শুনানি গ্ৰহণ কৰি এই বিষয়টো পৰ্যবেক্ষণ কৰে।
এক ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসনৰ আয়ুক্ত অভিজিৎ বৰুৱাক শুনানিৰ সময়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল। আদালতৰ নিৰ্দেশ অনুসৰি মঙলবাৰে বিষয়াগৰাকী উপস্থিত থাকে।
ইফালে, খেতিৰ উৎপাদিত সামগ্ৰীৰ কীটনাশকৰ উপস্থিতিৰ পৰীক্ষাত সহায়ক হ’ব পৰা সঁজুলি অনাৰ বাবে অসম চৰকাৰে ভাভা পাৰমাণৱিক গৱেষণা কেন্দ্ৰৰ সৈতে আলোচনাত মিলিত হৈছে।
এই কথা ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ক অৱগত কৰে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উচ্চ ন্যায়ালয়ে গুৱাহাটীলৈ শাক–পাচলি আমদানি কৰাৰ পূৰ্বে সংশ্লিষ্ট বিভাগসমূহক পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছিল।
উচ্চ ন্যায়ালয়ে অধিবক্তা সীমা ভূঞাই দাখিল কৰা আবেদনৰ ভিত্তিত শাক–পাচলিত কীটনাশক ব্যৱহাৰৰ সৈতে জড়িত এক গাইডলাইন জাৰি কৰে।
ন্যায়ালয়ে কৃষি, ফৰেনছিক, স্বাস্থ্যকে ধৰি বিভিন্ন বিভাগক বজাৰত প্ৰৱেশ কৰাৰ পূৰ্বে মহানগৰীলৈ আমদানি কৰা আৰু নাগৰিকক বিক্ৰী কৰা শাক–পাচলি পৰীক্ষাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
গুৱাহাটী উচ্চ ন্যায়ালয়ে বিভাগসমূহক ৩ মাৰ্চৰ ভিতৰত এই সন্দৰ্ভত বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।