NORTHEAST NOW (Assamese)
অসম

পুৰণিগুদামৰ পথাৰত চিৰাল ফাট, ভেকুলী বিয়াত আশ্ৰয় ৰাইজৰ

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা August 29, 2019 9:40 pm
No Rain, people take Frog wedding route in Assam's Puranigudam

এখন ব্যতিক্ৰমী বিয়া। বিয়াখন অনুষ্ঠিত হ’ল নগাওঁ জিলাৰ পুৰণিগুদামৰ হাতীগাৱঁত। সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে বিয়াখনত হাতত কলচি লৈ আয়তিসকলে পানী তোলাৰ উপৰিও লগতে জাতে-জাতে জুৰিছে বিয়া নামো।

মুঠতে ঢোলে দগৰে আনন্দত এক উখল-মাখল এক পৰিবেশ। কিন্তু ভুল নুবুজিব, এয়া আকৌ কোনো মানুহৰ বিয়া নহয়।

এয়া হৈছে নগাঁৱৰ পুৰণিগুদাম হাতীগাঁৱত বুধবাৰে অনুষ্ঠিত হোৱা এখন ভেকুলী বিয়াহে।

মাহ-হালধিৰে ভেকুলী হালক নোৱাই-ধোৱাই অসমীয়া ৰীতি-নীতিৰে সম্পন্ন কৰা হৈছে ভেকুলীহালৰ বিয়াখন।

যুগ যুগ ধৰি প্ৰচলিত জনবিশ্বাস অনুসৰি খৰাঙৰ দিনত বৰষুণ নহ’লে গ্ৰামাঞ্চলৰ কৃষকসকলে এনেধৰণৰেই পৰম্পৰাগতভাৱে ভেকুলীৰ বিয়া পাতে।

ভেকুলীৰ বিয়া পাতিলে সন্তুষ্ট ভেকুলীয়ে বৰুণ দেৱতাক পৃথিৱীলৈ আহিবলৈ আহ্বান জনায় আৰু বৰষুণ আহে বুলি থকা জনবিশ্বাসৰ বাবেই অতিমাত্ৰা খৰাং হ’লে ৰাইজে অনুষ্ঠিত কৰে ভেকুলী বিয়া। পূৰ্বপুৰুষৰ দিনৰে পৰা বৰষুণ নহ’লে স্থানীয় ৰাইজে এনে ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

ব্যতিক্ৰমী বিবাহখনত উপস্থিত থাকিল অঞ্চলটোৰ বহু সংখ্যক মহিলা-শিশুসহ স্থানীয় একাংশ কৃষক ৰাইজো।