NORTHEAST NOW (Assamese)

বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানীয়ে ক’লে “ভাৰতত নাইট কাৰ্ফিউৰ আঁৰত কোনো বিজ্ঞান নাই”

December 31, 2021 7:48 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতত ক’ভিদ সংক্ৰমণ বিস্তাৰৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত নিশাৰ কাৰফিউৰ আঁৰত কোনো বিজ্ঞান নাই।কোনো সাধাৰণ নাগৰিকে কৰা নাই এই মন্তব্য। এই মন্তব্য কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী সৌম্য স্বামীনাথনে।

সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত তেওঁ কয় যে ভাৰতৰ দৰে দেশসমূহে ভাইৰাছৰ বিস্তাৰ ৰোধ কৰাৰ বাবে বিজ্ঞান-আধাৰিত নীতি প্ৰস্তুত কৰিব লাগিব।

“নৈশ কাৰ্ফিউৰ দৰে বিষয়ৰ আঁৰত কোনো বিজ্ঞান নাই। প্ৰমাণ-আধাৰিত ব্যৱস্থা ল’ব লাগিব। ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাৰ এক সম্পূৰ্ণ তালিকা আছে।” সাক্ষাৎকাৰটোত তেওঁ কয়।

“সাধাৰণতে মনোৰঞ্জনৰ স্থানবোৰত ভাইৰাছ আটাইতকৈ বেছি বিয়পে। তাত কিছুমান প্ৰতিবন্ধকতা অনাটো স্বাভাৱিক।” স্বামীনাথনে লগতে কয়। অ’মিক্ৰণক লৈ দেশবাসীক আতংকিত হোৱাৰ পৰিৱৰ্তে মোকাবিলা কৰিবলৈ সাজু থাকিবলৈ তেওঁ আহ্বান জনায়।

বিজ্ঞানীগৰাকীয়ে কয়, “আমি ভাৰতত অ’মিক্ৰণৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকা কৰিছো। অ’মিক্ৰণৰ সংক্ৰমণ এতিয়া কিছুমান চহৰত আৰম্ভ হৈছে আৰু ই বহুলোকক সংক্ৰমিত কৰিব।”

তেওঁ লগতে টিকাকৰণৰ গুৰুত্বৰ বিষয়ে সজাগ কৰি টিকাকৰণে চিকিৎসালয়ত ভৰ্তি হোৱা আৰু মৃত্যুৰ পৰা সুৰক্ষা দিয়ে বুলি মন্তব্য কৰে।

Related News