NORTHEAST NOW (Assamese)

‘ৰাছিয়াত আপোনালোক সম্পূৰ্ণ সুৰক্ষিত’, ভাৰতীয় ছাত্ৰ-ছাত্ৰীক নিশ্চিত কৰিলে ভাৰতীয় দূতাবাসে

March 12, 2022 6:31 am · এন ই নাও নিউজ,গুৱাহাটী
Updated: March 12, 2022 6:35 am

‘ৰাছিয়াত আপোনালোক সম্পূৰ্ণ সুৰক্ষিত। সেয়ে ঙীতিগ্ৰস্ত হোৱাৰ কোনো কাৰণ নাই। কোনোৱাই যদি ৰাছিয়া ত্যাগ কৰি ভাৰতলৈ যাব বিচাৰে তেন্তে যাব পাৰে’। এই মন্তব্য কৰিছে ৰাছিয়াত থকা ভাৰতীয় দূতাবাসে।

দেশ খনত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক এভয় প্ৰদান কৰি ৰাছিয়াস্থিত ভাৰতীয় দূতাবাসে এনেদৰে কয়।

ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধৰ মাজতে ৰাছিয়াত থকা ভাৰতীয় দূতাবাসে সেই দেশত থকা ভাৰতীয়সকলৰ বাবে এক নতুন জাননী জাৰি কৰিছে। দূতাবাসৰ তৰফৰ পৰা ভাৰতীয় লোকসকলক আশ্বাস দিয়া হৈছে যে তেওঁলোকে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই আৰু তেওঁলোকে ৰাছিয়াৰ পৰা পলায়ন কৰাৰো কোনো প্ৰয়োজন নাই।

ৰাছিয়াৰ বিশ্ববিদ্যালয়সমূহত অধ্যয়নৰত ভাৰতীয় শিক্ষাৰ্থীসকলৰ পৰা ৰাছিয়াত থকাটো কিমান নিৰাপদ সেই পৰামৰ্শ বিচাৰি ভাৰতীয় দূতাবাসলৈ বাৰ্তা প্ৰেৰণ কৰিছিল। এনে বাৰ্তা লাভ কৰাৰ পিছতে ভাৰতীয় দূতাবাসে কয় যে তেওঁলোকে “সকলো শিক্ষাৰ্থীক আশ্বস্ত কৰিব বিচাৰে যে বৰ্তমান আমি তেওঁলোকক ৰাছিয়া এৰি যাবলগীয়া হোৱাৰ কোনো সুৰক্ষাজনিত কাৰণ দেখা নাই।’ ভাৰতীয় দূতাবাসে অৱশ্যে কয় যে ৰাছিয়াত বেংকিং সেৱাৰ কিছু ব্যাঘাত জন্মিছে ।

শৈক্ষিক কাৰ্যসূচী সন্দৰ্ভত, দূতাবাসে কয় যে কেইবাখনো বিশ্ববিদ্যালয়ৰ দ্বাৰা জনোৱা হৈছে যে তেওঁলোকে ইতিমধ্যে অনলাইন শিক্ষণ আৰম্ভ কৰিছে।

শিক্ষাৰ্থীসকলক তেওঁলোকৰ শৈক্ষিক কাৰ্যকলাপ কোনো ব্যাঘাত নোহোৱাকৈ অনলাইন শিক্ষণ অব্যাহত ৰখা হ’ব বুলি দূতাবাসে আশ্বাস দিছে।

Related News