NORTHEAST NOW (Assamese)
জীৱনশৈলী

ৰাতি টোপনি নাহে, পুৱা ব্যায়ামৰ সময় নাই! শৰীৰৰ অৱস্থা কিয় এনে হৈছে জনাইছে চিকিৎসকে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 12, 2026 6:40 am
ৰাতি টোপনি নাহে, পুৱা ব্যায়ামৰ সময় নাই! শৰীৰৰ অৱস্থা কিয় এনে হৈছে জনাইছে চিকিৎসকে

ৰাতিৰ পিছত ৰাতি টোপনি অহা নাই। দিনটোৰ অতিকৈ ভাগৰৰ পিছতো কোনোমতেই দুয়োটা চকুৰ পতা এক কৰিব পৰা হোৱা নাই। ফলত পুৱা টোপনিৰ পৰা সাৰ পোৱাৰ পিছৰে পৰা শৰীৰটোত সাংঘাতিক ক্লান্তি অনুভৱ হয়। সেই ভাগৰ লৈয়েই পিছৰ গোটেই দিনটোৰ কামবোৰ কৰিবলগীয়া হয়। এইদৰেই দীৰ্ঘদিনীয়া শাৰীৰিক অৱসাদ জমা হৈ এসময়ত মানুহ একেবাৰে দুৰ্বল হৈ পৰে।

কৰ্মশক্তি কেনেকৈ ঘূৰাই পোৱা যাব সেই বিষয়ে সুধিলে চিকিৎসকে হয়তো কয় যে নিয়মীয়াকৈ ব্যায়াম কৰিব লাগে। কিন্তু ব্যায়াম কৰিব কেতিয়া? ৰাতি টোপনি নাহে বাবেই পুৱা সোনকালে টোপনি ভাঙিব নিবিচাৰে। সাৰ পালেও শৰীৰটো বৰ দুৰ্বল লাগে। তেনে অৱস্থাত ব্যায়াম কৰাৰ প্ৰশ্নই নুঠে। ইয়াৰ বাহিৰেও ব্যায়াম কৰিবলৈ আন কোনো সময় হাতত নাথাকে। সেয়েহে ৰাতি টোপনি নহা আৰু পুৱা ব্যায়াম কৰিব নোৱাৰা এই চক্ৰবেহুৰ যেন কোনো শেষ নাই! তেনেহ’লে এতিয়া কি কৰা উচিত? কেনেকৈ নিজৰ কৰ্মক্ষমতা পুনৰ ঘূৰাই আনিব পাৰি?