NORTHEAST NOW (Assamese)
অসম

জনজাতিৰ মৰ্যদা নাপালে ২০২৬ ৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ : ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 22, 2025 9:51 pm

সদৌ আদিবাসী ছাত্ৰ সন্থাৰ ৰাজ্যিক আহ্বানৰ পিছত সোমবাৰে সমগ্ৰ অসমত দিনজোৰা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিশ্বনাথ, চিৰাং, কোকৰাঝাৰ, মুছলপুৰ আদি জিলাৰ উপাযুক্তৰ কাৰ্যালয়ৰ সন্মুখত শতাধিক আদিবাসী সম্প্ৰদায়ৰ লোক সমবেত হয়।

অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদা, মাটিৰ পট্টা, জাতিৰ প্ৰমাণ পত্ৰ, চাহ বাগিচাৰ শ্ৰমিকৰ নূন্যতম মজুৰি বৃদ্ধি আদি দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

এই প্ৰতিবাদত অসমৰ আদিবাসী জনগোষ্ঠীসমূহৰ আৰ্থ-সামাজিক প্ৰান্তীয়কৰণৰ বিৰুদ্ধে ক্ষোভ উদগীৰণ হয়। এই প্ৰতিবাদত প্ৰতিবাদকাৰীসকলে কেইবাটাও দাবী উত্থাপন কৰে। ইয়াৰ মূল দাবী সমূহ তলত উত্থাপন কৰা হ’ল –

ক) আদিবাসীসকলক অনুসূচিত জনজাতি হিচাপে সাংবিধানিক স্বীকৃতি।

খ) আদিবাসী পৰিয়ালক ভূমি পট্টা বিতৰণ।

গ) সকলো আদিবাসী উপগোটকে উপযুক্ত জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰা।

ঘ) চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ লৈ বৃদ্ধি।

সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এজন প্ৰতিবাদকাৰীয়ে কয় যে, “১৯৯৬ চনৰ পৰা আমি এছ টি হিচাপে আমাৰ স্বীকৃতিৰ বাবে যুঁজি আহিছো। চৰকাৰে আমাৰ দাবীক আওকাণ কৰি থকাটো লজ্জাজনক। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি আমাৰ দাবী পূৰণ নহয় তেন্তে আমি বিকল্পৰ কথা বিবেচনা কৰিবলৈ বাধ্য হম আৰু সেই অনুসৰি ভোটদান কৰিবলৈ বাধ্য হম।”

আছাৰ নেতাসকলে স্পষ্ট কৰি দিয়ে যে যদিহে চৰকাৰে ব্যৱস্থা লোৱাত পলম কৰে তেন্তে আগন্তুক সপ্তাহকেইটাত সমগ্ৰ বড়োলেণ্ড আৰু অসমত প্ৰতিবাদ তীব্ৰতৰ হব। সংগঠনটোৱে বৃহত্তৰ ৰাজ্যব্যাপী প্ৰতিবাদৰ বাবে প্ৰস্তুতি চলাইছে।