NORTHEAST NOW (Assamese)
অসম

ভাবি-চিন্তি থকাৰ সময় নাই, মিত্ৰজোঁটৰ পৰা ওলাই আহক অগপ: হীৰেন গোহাঁই

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 30, 2018 10:54 pm
No time for thought, AGP should leave alliance immediately: Hiren Gohain Dr. Hiren Gohain Chairman forum Against Citizenship Act Amendment Bill addressing a Press Conference at Guwahati Press Club on 30-12-18 Pix by UB Photos

বিতৰ্কিত নাগৰিকত্ব বিধেয়কৰ পক্ষত অৱস্থান লোৱা বিজেপি দলৰ সৈতে মিত্ৰতাক লৈ ভাবি-চিন্তি থকাৰ সময় আৰু নাই বুলি মন্তব্য কৰি অগপক জোঁট এৰি ওলাই আহিবলৈ দেওবাৰে আহ্বান জনাইছে নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চৰ অধ্যক্ষ, বুদ্ধিজীৱী হীৰেন গোহাঁয়ে।

“বিধেয়ক উত্থাপন হ’লে গৃহীত হোৱাটো নিশ্চিত, এতিয়া অগপৰ ভাবি-চিন্তি থকাৰ সময় নাই, ওলাই আহক,” বিধেয়ক গৃহীত হ’লে অগপৰ বাবে তাতকৈ লজ্জাজনক কথা আন একো নাথাকিব বুলি উল্লেখ কৰি গুৱাহাটী প্ৰে’ছ ক্লাবত সংবাদমেলযোগে এই মন্তব্য গোহাঁইৰ।

ইমানৰ পিছতো যদি অগপই মিত্ৰজোঁট ত্যাগ নকৰে তেন্তে দলটোক বাদ দিয়ে বিধেয়কবিৰোধী সংগ্ৰাম চলাবলৈ অসমৰ ৰাইজক আহ্বান জনাইছে বৰ্ষীয়ান বুদ্ধিজীৱীজনে।

“বিজেপি চৰকাৰ সংবিধানবিৰোধী আৰু ধৰ্মনিৰপেক্ষ চৰিত্ৰবিৰোধী। ইয়াৰ পাছতো যদি অগপই কেৱল ভাবি-চিন্তিয়েই থাকে, তেন্তে অগপক বাদ দি অসমৰ ৰাইজক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংগ্ৰাম চলাই নিবৰ বাবে আহ্বান জনাইছো,” আহ্বান গোহাঁইৰ।

আনহাতে মিত্ৰজোঁটৰ পৰা ওলাই আহি অসমবাসীৰ সৈতে বিধেয়কবিৰোধী আন্দোলনত অংশ ল’বলৈ আঞ্চলিক দলটোক আহ্বান জনাইছে মঞ্চৰ আন এজন সদস্য, অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্ৰধান হৰেকৃষ্ণ ডেকাই।

“অগপ আঞ্চলিকতাবাদৰ ভিত্তিত গঠন হৈছিল, গতিকে তেওঁলোকে খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ সমস্যাটো প্ৰতিনিধিত্ব কৰিব লাগিব,” ডেকাৰ মন্তব্য।

নীতিগত বিৰোধিতা থকা সত্ত্বেও বিজেপিৰ লগত অগপ মিত্ৰতাত থকাৰ কাৰণ নেতাৰ “ব্যক্তিগত স্বাৰ্থ” বুলি মন্তব্য কৰিছে ডেকাই।

“বিজেপিৰ লগত আছে। কিয়নো তেওঁলোকে মন্ত্ৰিত্ব পাইছে,” ডেকাৰ মন্তব্য।

ডেকাৰ অনুৰূপ মন্তব্য কৰিছে মঞ্চৰ আন এজন সদস্য, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালীয়ে। “অসম চুক্তিক বৰবাদ কৰিব খোজা বিজেপিক অগপ নেতাই হাত জোৰ কৰি আছে। একমাত্ৰ ক্ষমতাৰ লোভতে বিজেপিৰ সন্মুখত হাতজোৰ কৰি আছে অগপই।”