NORTHEAST NOW (Assamese)
অসম

‘সাৱধান, প্ৰধান মন্ত্ৰীয়ে সকলোকে চাই আছে!’; কাক এনেদৰে সতৰ্ক কৰি দিলে নবেল বঁটা বিজয়ী অভিজিৎ বেনাৰ্জীয়ে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 23, 2019 11:56 am
PM with Abhijit Benarjee

‘তেওঁ কিন্তু টিভি চাই আছে।তেওঁ আপোনালোককো দেখি আছে,’ মঙলবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ অন্তত এনেদৰে ভাৰতীয় সাংবাদিক সকলক সাৱধান কৰি দিয়ে নবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে।

‘‘প্ৰধান মন্ত্ৰীয়ে জানে আপোনালোকৰ চেষ্টা কি! সেইবাৰে ইয়াক বন্ধ কৰক।’’

এই চেষ্টা কি? অভজিতৰ উত্তৰ, ‘‘প্ৰধানমন্ত্ৰী মোদীয়ে বৈঠকৰ আৰম্ভণিতে ৰসিকতা কৰি সংবাদমাধ্যমে কিদৰে তেওঁৰ পৰা মোদী বিৰোধী ব্যক্তব্য উলিয়াবলৈ চেষ্টা কৰিছে সেয়া লক্ষ্য কৰিছে বুলি কয়।’’

উল্লেখযোগ্য যে, মঙলবাৰে নবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে সাত নম্বৰ লোক কল্যাণ মাৰ্গত থকা প্ৰধান মন্ত্ৰীৰ বাসভৱনত প্ৰধান মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয়।

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিত বেনাৰ্জীয়ে মোদীৰ সৈতে নীতি আয়োগ, স্বাস্থ্য বীমা যোজনা আদিৰ বিষয়ত আলোচনা কৰে বুলি জানিবলৈ দিয়ে।

অৰ্থনীতিবিদ গৰাকীয়ে প্ৰধান মন্ত্ৰীৰ ‘আয়ুষ্মান ভাৰত’ যোজনাৰো উচ্চ প্ৰশংসা কৰে।

বেনাৰ্জীয়ে চৰকাৰৰ কৰ্পোৰেট কৰ হ্ৰাস কৰাৰ সিদ্ধান্তক সমৰ্থন কৰা নাছিল কৰিছিল আৰু সাধাৰণ মানুহৰ হাতলৈ টকা আহিব লাগে বুলি মত প্ৰকাশ কৰিছিল। তেওঁ ভাৰতীয় অৰ্থনীতিৰ বৰ্তমানৰ অবস্থা চিন্তনীয় বুলিও উল্লেখ কৰিছিল।

বহু বিজেপি নেতাই নবেল জয়ী অভিজিত বেনাৰ্জীক বামপন্থী আখ্যা দিলেও প্ৰধান মন্ত্ৰী মোদীয়ে বেনাৰ্জীৰ সৈতে হোৱা বৈঠকৰ অন্তত এই বৈঠকক অসাধৰণ আখ্যা দিয়ে।