NORTHEAST NOW (Assamese)
Popular Stories

নোবেল জয়ৰ খবৰ নাপায় ফ্ৰেড ৰেমছডেলে! ক’ত আছে তেওঁ…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 8, 2025 2:28 pm

এই বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা বিজয়ী ফ্ৰেড ৰেমছডেলে এতিয়ালৈকে লাভ কৰা নাই তেওঁ নোবেল বঁটা লাভ কৰাৰ খবৰ। তেওঁৰ সৈতে যোগাযোগ স্থাপন কৰিব পৰা নাই নোবেল কমিটিয়ে। বৰ্তমান তেওঁ আইডাহৰ পৰ্বতাঞ্চলত অফ-গ্ৰিড হাইকিংত যোৱা বাবে তেওঁৰ সৈতে কোনো ধৰণৰ যোগাযোগ স্থাপন কৰিব পৰা নাই। তেওঁৰ লেব কৰ্তৃপক্ষই জনোৱা মতে, তেওঁ ডিজিটেল ডিটক্সৰ বাবে কোনো ধৰণৰ যোগাযোগ ব্যৱস্থা ব্যৱহাৰ নকৰে। সেয়ে নোবেল কমিটীয়েও তেওঁৰ সৈতে যোগাযোগ কৰিব পৰা নাই।

৬৪ বছৰীয়া ৰেমছডেলে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ নিয়ন্ত্ৰণকাৰী টি-চেল চিনাক্ত কৰাৰ গৱেষণাৰ বাবে ছিয়াটলৰ মেৰী ব্ৰুংকো আৰু ওছাকা বিশ্ববিদ্যালয়ৰ শিমন ছাকাগুচিৰ সৈতে এই বঁটা লাভ কৰিছে। এই আবিষ্কাৰে অটোইম্যুন ৰোগৰ চিকিৎসাৰ পথ মুকলি কৰিছে।

ৰেমছডেলৰ লেব ছ’নোমা বায়’থেৰাপিউটিক্সৰ সহ-প্ৰতিষ্ঠাপক জেফ্ৰি ব্লুষ্টনে জানাইছে, “মই তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছো, কিন্তু তেওঁ আইডাহ’ৰ বেককান্টিত বেকপেকিং কৰি আছে।” উল্লেখ্য যে নোবেল কমিটীয়ে ইয়াৰ আগেও এনে সমস্যাৰ সন্মুখীন হৈছিল। ২০২০ চনত অৰ্থনীতিৰ নোবেল বিজয়ী বব উইলছন আৰু পল মিলগ্ৰমৰ সৈতে যোগাযোগ কৰাত অসুবিধাৰ সন্মুখীন হৈছিল।