NORTHEAST NOW (Assamese)

পিয়েৰ আগষ্টিনি, ফেৰেন্স ক্ৰাউজ আৰু এন্নে ল’হুইলিয়াৰলৈ পদাৰ্থ বিজ্ঞানৰ নোবেল

October 3, 2023 5:58 pm · এন ই নাও নিউজ, গুৱাহাটী

আজি ঘোষণা কৰা হৈছে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা বিজয়ীৰ নাম। তিনিগৰাকী বিজ্ঞানী ক্ৰমে পিয়েৰ আগষ্টিনি, ফেৰেন্স ক্ৰাউজ আৰু এন্নে ল’হুইলিয়াৰলৈ এই বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল আগবঢ়াইছে ৰয়েল ছুইডিছ একাডেমীয়ে।

পদাৰ্থত ইলেক্ট্ৰন গতিশীলতাৰ অধ্যয়নৰ বাবে পোহৰৰ এট’ছেকেণ্ড স্পন্দন সৃষ্টি কৰা পৰীক্ষামূলক পদ্ধতিৰ বাবে বিজ্ঞানীকেইগৰাকীক প্ৰদান কৰা হৈছে নোবেল বঁটা।

পিয়েৰ আগষ্টিনি, ফেৰেন্স ক্ৰাউজ আৰু এন্নে ল’হুইলিয়াৰে পোহৰৰ অতি চুটি স্পন্দন সৃষ্টি কৰাৰ উপায় উদ্ভাৱন কৰিছে, যাৰ সহায়ত ইলেক্ট্ৰনৰ গতি বা শক্তি পৰিৱৰ্তনৰ দ্ৰুত প্ৰক্ৰিয়া জুখিব পাৰি।

বঁটা বিজয়ী বিজ্ঞানীসকলৰ পৰীক্ষাত পোহৰৰ স্পন্দন ইমানেই চুটি হৈছে যে ইয়াক এট’ছেকেণ্ডত জুখিব পাৰি, যাৰ ফলত এই স্পন্দনসমূহৰ সহায়ত পৰমাণু আৰু অণুৰ ভিতৰৰ প্ৰক্ৰিয়াৰ ছবি প্ৰদান কৰিব পৰা যায় বুলি প্ৰমাণিত হৈছে।

তিনিওগৰাকী নোবেল বঁটা বিজয়ীয়ে ২০২৩ চনৰ ১০ ডিচেম্বৰত ষ্টকহ’মত অনুষ্ঠিত হ’বলগীয়া আনুষ্ঠানিক অনুষ্ঠানত সন্মানীয় নোবেল বঁটা গ্ৰহণ কৰিব।

Related News