NORTHEAST NOW (Assamese)
Popular Stories

কৃষক আন্দোলন : কাৰাগাৰত আৰক্ষীয়ে শাৰিৰীক অত্যাচাৰ চলোৱাৰ অভিযোগ কাৰাবন্দী নদীপ কৌৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 24, 2021 11:05 am

কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনবিৰোধী আন্দোলনত যোগ দি কাৰাবান্দী থকা শ্ৰমিক নেতা নদীপ কৌৰে কাৰাগাৰত পুলিচে অত্যাচাৰ কৰা বুলি অভিযোগ কৰিছে।

পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আবেদনপত্ৰত ২৩ বছৰীয়া যুৱতীগৰাকীয়ে কয় যে যোৱা মাহত শনিপট আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছতে শাৰিৰীক অত্যাচাৰ চলাইছিল।

পঞ্জাৱৰ মুক্টচাৰ জিলাৰ বাসিন্দা নদীপ কৌৰে কাৰাগাৰত তেওঁৰ চিকিৎসা পৰীক্ষাও কৰা হোৱা নাছিল বুলি অভিযোগ কৰে, যিটো ক্ৰিমিনেল প্ৰ’চিডিউৰ এক্টৰ অনুসৰি বেআইনী।

বৰ্তমান তেওঁ হাৰিয়ানাৰ কাৰ্ণাল কাৰাগাৰত কাৰাবন্দী হৈ আছে।

পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে সোমবাৰে জামিন আবেদনৰ শুনানী ২৪ ফেব্ৰুৱাৰীলৈকে স্থগিত ৰাখিছিল।

আবেদনখনত তেওঁ কৈছে যে তেওঁক ইণ্ডিয়ান পেনেল কোডৰ ৩০৭ ধাৰাকে একাধিক মিছা অভিযোগত কাৰাবান্দী হৈ আছে।

আবেদনপত্ৰখনত এই কথাও নদীপ কৌৰে উল্লেখ কৰিছে যে আন্দোলনটো তীব্ৰতৰ কৰি তোলাত তেওঁ সফল হোৱা বাবেই আৰক্ষীয়ে নানা মিছা অভিযোগত সাঙুৰি লৈছে।

উল্লেখযোগ্য যে ‘মজদুৰ অধিকাৰ সংগঠন’ৰ এগৰাকী সদস্য হিচাপে কৌৰে হাৰিয়ানাৰ কুণ্ডলী আৰু শণিপট জিলাত আন্দোলনৰ গুৰি ধৰিছিল।