NORTHEAST NOW (Assamese)
অসম

পৌৰ সভাৰ নিৰ্বাচন: চাপৰত ৪০গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

Posted by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ Updated by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ February 15, 2022 8:52 pm

অহা ৬ মাৰ্চত অনুস্থিতব্য চাপৰ পৌৰ সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা ৪০ গৰাকী প্ৰাৰ্থীয়ে চাপৰ পৌৰ সভাৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিছে ।

বিজেপি আৰু কংগ্ৰেছ দলে ১০ ৱাৰ্ডত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ বিপৰীতে অগপ দলে ৬টা ৱাৰ্ডত, এ আই ইউ ডি এফ দলে দুটা আৰু এজেপি দলে এটা ৱাৰ্ডত প্ৰাৰ্থিত্ব আগবঢ়াইছে।

লগতে ১নং ৱাৰ্ডত এগৰাকী, ৫নং ৱাৰ্ডত দুগৰাকী,৬নং ৱাৰ্ডত এগৰাকী, ৭নং ৱাৰ্ডত চাৰি গৰাকী, ৯ নং ৱাৰ্ডত দুগৰাকী আৰু ১০ নং ৱাৰ্ডত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে বুলি চাপৰ পৌৰ সভাৰ কাৰ্যবাহী বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ কবিতা ডেকাই জানিবলৈ দিছে।