NORTHEAST NOW (Assamese)
অসম

নগাঁৱত ননৈ মহাবিদ্যালয়ত পৰীক্ষাৰ মাচুল বৃদ্ধি কৰাক লৈ উত্তপ্ত পৰিস্থিতি

Posted by: মিণ্টু দাস September 26, 2018 8:36 pm
নগাঁও জিলাৰ কাষৰীয়া ননৈ অঞ্চলৰ অন্যতম ননৈ মহাবিদ্যালয়ত পৰীক্ষাৰ মাচুল বৃদ্ধি কৰাত ক্ষোভিত হৈ পৰা মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে আজি প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তোলে।
জানিব পৰা মতে ছাত্র-ছাত্রীসকলে বিশেষকৈ কোনো জাননী নিদিয়াকৈ মহাবিদ্যালয়খনৰ পৰীক্ষাৰ মাচুল বৃদ্ধি কৰা কাৰ্যত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ শ্ৰেণী কোঠা বৰ্জন কৰি আজি উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰে।
অানহাতে মহাবিদ্যালয়খনে ছাত্ৰ একতা সভাৰ নিৰ্বাচনো অনুষ্ঠিত নকৰাৰ আন এক অভিযোগ উত্থাপন কৰে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে। লগতে ছাত্ৰ-ছাত্ৰী সকলে ছাত্ৰ একতা সভাক কোনো ধৰণৰ ক্ষমতা অৰ্পণ নকৰাৰ বাবেও ক্ষুভিত হৈও প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
অৱশ্যে পিছত অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক আলোচনা হোৱাত পৰিস্থিতি শাম কাটে।