NORTHEAST NOW (Assamese)
Popular Stories

কোভিড-১৯ত আক্ৰান্ত নোৰা ফতেহি; দুৰ্বল হৈ পৰিছে আক্রান্ত বলীউদ অভিনেত্ৰীগৰাকী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 30, 2021 6:02 pm
WhatsApp Image 2021-12-30 at 5.38.09 PM

বলীউদ অভিনেত্ৰী তথা নৃত্যংগনা নোৰা ফতেহি কোভিডত আক্ৰান্ত হৈছে। অভিনেত্ৰীগৰাকীয়ে তেওঁ ছচিয়েল মিডিয়া একাউন্টৰ জৰিয়তে নিজেই এই কথা জনাইছে।

বিগত কেইদিন ধৰি নোৰা গৃহবন্দী হৈ আছিল। বৰ্তমান কোভিড বিধি মানি কোৱাৰেন্টাইনতে আছে অভিনেত্ৰীগৰাকী। নোৰাৰ শৰীৰত কোভিডৰ প্ৰভাৱ বেছ শক্তিশালীভাৱেই পৰিছে।

ইনষ্টাগ্ৰামত নোৰাই জানিবলৈ দিছে যে তেওঁৰ ওপৰত কোভিডৰ প্ৰভাৱ যথেষ্ট শক্তিশালীভাৱে পৰিছে। চিকিৎসকৰ পৰামৰ্শ অনুসৰণ কৰি চলিছে যদিও বিগত কেইদিন দৰি তেওঁ বিছনাৰ পৰা ভালকৈ উঠিবই পৰা নাই।

অভিনেত্ৰীগৰাকীয়ে সকলোকে মাস্ক পৰিধান কৰাৰ পৰামৰ্শও দিছে। তেওঁ কয় যে সকলোৰে ওপৰত কোভিডৰ প্ৰভাৱ পৃথক ধৰণে পৰিছে। তেওঁৰ ওপৰত ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে। তেওঁ কোভিডৰ পৰা মুক্ত হ’বলৈ চেষ্টা অব্যাহত ৰাখিছে।

নোৰাৰ আকুতি যে স্বাস্থ্যতকৈ আন একো জৰুৰী হ’ব নোৱাৰে। সকলোকে সুস্থ আৰু সতৰ্ক হৈ থকাৰ পৰামৰ্শও দিছে অভিনেত্ৰীগৰাকীয়ে।