NORTHEAST NOW (Assamese)

আই এছ এলত নৰ্থ-ইষ্ট য়ুনাইটেড আৰু এফ চি গোৱাৰ মাজৰ খেল ড্ৰ ৰূপে সামৰণি

February 5, 2021 2:47 pm · এন ই নাও নিউজ

চলিত ইণ্ডিয়ান চুপাৰ লীগ ফুটবল প্ৰতিযোগিতাত শক্তিশালী গোৱাৰ বিৰুদ্ধে এখন খেলত ড্ৰ খেলিবলৈ সক্ষম হৈছে নৰ্থ-ইষ্ট য়ুনাইটেডে।

নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে তিলক ময়দান খেলপথাৰত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা খেলখনত গোৱাৰ বিৰুদ্ধে ২-২ গ’লত ড্ৰ খেলে।

খেলখনৰ প্ৰথমাৰ্ধত এফ চি গোৱাৰ আলেকজেণ্ডাৰ যীশুৰাজে ২১ মিনিটত গ’ল গোৱাক ১-০ৰ অগ্ৰগতি প্ৰদান কৰে যদিও ৪১ মিনিটত নৰ্থ-ইষ্ট য়ুনাইটেডৰ গালেগোৱে পেনাল্টীৰ সহায়ত গ’ল স্কোৰ কৰি ১-১-ত সমতা স্থাপন কৰে।

প্রথমাৰ্ধত ১-১ গ’লত সমতা স্থাপন কৰি থকা দুয়োটা দলে খেলৰ দ্বিতীয়াৰ্ধত খেলৰ চোক বৃদ্ধি কৰে।

৮০ মিনিটত গোৱাৰ অমৰজিৎ সিঙে ব্যৱধান ২-১ লৈ বৃদ্ধি কৰে।

আনহাতে, খেলখনৰ অন্তিম দহ মিনিটত নৰ্থ-ইষ্ট য়ুনাইটেডৰ গালেগোৱে পুনৰ পেনাল্টীৰ সহায়ত গ’ল দি খেলখন ড্ৰ ৰূপে সামৰণি পেলাবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, নৰ্থ-ইষ্ট য়ুনাইটেডে এতিয়ালৈ চলিত আই এছ এলত পাঁচখন খেলত জয়লাভ কৰিছে।

Related News