NORTHEAST NOW (Assamese)
অসম

দিল্লীৰ জেইলখানাত পচিচে ‘মুক্তিকামী’ উত্তৰ-পূবৰ যুৱতী-মহিলাৰ জীৱন

Posted by: এন ই নাও নিউজ March 4, 2019 6:52 pm
women-in-jail

মানৱ সৰবৰাহকাৰী আৰু বিভিন্ন চাকৰিৰ প্ৰলোভন দিয়া চক্ৰই ফান্দত পেলাই দেশৰ ৰাজধানীকে ধৰি বিভিন্ন ঠাইলৈ নি অসামাজিক কাম-কাজত লিপ্ত কৰোৱা উত্তৰ-পূবৰ কমেও ১০ গৰাকী মহিলা, যুৱতী দেশৰ ৰাজধানীকে ধৰি বিভিন্ন ঠাইৰ কাৰাগাৰত মুক্তিৰ অপেক্ষাত আছে।

আদালতে এওঁলোকৰ জামিন মঞ্জুৰ কৰাৰ পিছতো আত্মীয় বা জামিন লওঁতাৰ অভাৱত জেইলখানাত জীৱন কটাব লগীয়া হৈছে মুক্তিকামী দুৰ্ভগীয়া মহিলা, যুৱতীসকলে।

দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত ৰবীন হিবুৰ উদ্ধৃতি দি এই কথা প্ৰকাশ কৰিছে টাইমছ অব ইণ্ডিয়াই।

হিবু হেল্পিং হেণ্ড ছ’চাইটি (HHS) নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰো প্ৰতিষ্ঠাপক, যিটোৱে দিল্লীত উত্তৰ-পূবৰ লোকসকলৰ সুৰক্ষাৰ বাবে কাম কৰি আছে। এই কুচক্ৰৰ বলি হোৱা মহিলা, যুৱতীসকলৰ হৈও স্বেচ্ছাসেৱী সংগঠনটোৱে আইনী যুঁজ চলাই আহিছে।

মুক্তিৰ অপেক্ষাত থকা মহিলা, যুৱতীকেইগৰাকীৰ কিছুমান মণিপুৰ আৰু কিছুমান নাগালেণ্ডৰ আৰু তেওঁলোকক তেওঁলোকে কাম কৰি থকা এটা ভুৱা কল চেণ্টাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। আদালতে তেওঁলোকক জামিন দিলে। কিন্তু জামিন লওঁতাৰ অভাৱৰ বাবে এতিয়াও কাৰাগাৰতে মুক্তিৰ অপেক্ষাত।

উল্লেখযোগ্য যে মানৱ সৰবৰাহকাৰী চক্ৰই ফান্দত পেলাই উত্তৰ-পূবৰ যুৱতী, মহিলাক দেশৰ ৰাজধানীকে ধৰি বিভিন্ন ঠাইলৈ লৈ যোৱাৰ পিছত তেওঁলোকক লিপ্ত কৰা হয় বিভিন্ন অসামাজিক কাম-কাজত। ইয়াৰ ফলত এনে বহুতো মহিলা, যুৱতী এইবোৰ ঠাইত আৰক্ষীৰ অভিযানৰ সময়ত গ্ৰেপ্তাৰ হয়।

কিন্তু গ্ৰেপ্তাৰ হোৱাৰ পিছত কি হয় এওঁলোকৰ? এওঁলোকক সৰবৰাহকাৰীৰ পৰা লৈ অসৎ কামত নিয়োগ কৰা চক্ৰবোৰ নিজৰ শক্তিৰ বলত বাছি যায়। কাৰাগাৰৰ ভিতৰতে ৰৈ যায় এই দুৰ্ভগীয়া যুৱতী, মহিলাসকল। এওঁলোকক কাৰাগাৰৰ পৰা উলিয়াই আনিবলৈ কোনেও ‘অযথা কষ্ট’ নকৰে।

আনহাতে তেওঁলোকৰ কেইবা হাজাৰ মাইল দূৰত থকা আত্মীয়-স্বজনে গম নাপায় এওঁলোক কাৰাগাৰত থকাৰ কথা। বহুতো অভিভাৱক শতদৰিদ্ৰ আৰু অশিক্ষিত হোৱা বাবেও অসমৰ্থ।

এই দুৰ্ভগীয়া যুৱতী, মহিলাসকলৰ হৈ কিছু সংখ্যক স্বেচ্ছাসেৱী সংগঠনে আদালতত আইনী যুঁজ দি আদালতৰ ন্যায় পাবলৈ সক্ষমো হয়। কিন্তু তেওঁলোকক জামিন লওঁতা নোলায়। ফলত জামিন লাভৰ পিছতো কাৰাগাৰতে পচে তেওঁলোকৰ জীৱন। আনকি হতাশাত মৃত্যুও হয় অথবা আত্মহত্যাও কৰে। কিন্তু মৃত্যুটোও হৈ পৰে চৰম মূল্যহীন, মৰ্য্যাদাহীন। মৃতদেহ পৰি থাকে মৰ্গত কোনো আত্মীয়ৰ সঁহাৰিৰ অবিহনে। এইদৰে কয় দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত হিবুৱে।

অলপতে ২৬ বছৰীয়া এগৰাকী নাগা মহিলাক নয়দাৰ কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছিল। তেওঁক আৰক্ষীয়ে এটা ৰেইডৰ সময়ত এখন বিলাসী স্পাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল, যিখনৰ বিৰুদ্ধে নাৰীদেহৰ ব্যৱসায় কৰাৰ অভিযোগ আছে।

“মই দিল্লীৰ এটা প্লেচমেণ্ট এজেন্সিৰ প্ৰতিশ্ৰুতিত যোৱা বছৰ ইয়ালৈ আহিছিলো। এজেন্সিটোৱে মোক ইয়াত এখন দামী বিউটি পাৰ্লাৰত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আগদিনা মোক এগৰাকী শিকাৰু কৰ্মী হিচাপে যোগদান কৰিবলৈ কোৱা হৈছিল।” দুৰ্ভগীয়া নাগা যুৱতীগৰাকীৰ ভাষ্য।

ৰবীন হিবুৱে উত্তৰ-পূবৰ ৰাজ্যকেইখনক এওঁ লোকসকলক সহায় কৰিব পৰাকৈ দিল্লী আৰু অন্যান্য মহানগৰত থকা তেওঁলোকৰ হাউছবোৰত জনকল্যাণ বিষয়া নিযুক্তি দিবলৈ দাবী জনায়, যাতে উত্তৰ-পূবৰ লোকসকলে যিকোনো সময়তে বাৰ্তালাপ কৰিব পাৰে বা বিষয়াসকলে তেওঁলোকক নিৰীক্ষণ কৰি থাকিব পাৰে।