NORTHEAST NOW (Assamese)

ছেপ্তেম্বৰৰ পৰা মিজোৰামলৈ অধিক ঘৰুৱা বিমান সংযোগৰ সম্ভাৱনা

August 20, 2019 10:49 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামে ছেপ্তেম্বৰ মাহৰ পৰা অধিক বিমান সেৱা লাভ কৰাৰ সম্ভৱনা আছে।

উল্লেখযোগ্য যে, মিজোৰামে বিগত কিছু মাহ ধৰি বিমান সেৱা সংযোগৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখিন হৈ আহিছে।

সোমবাৰে ৰাজহুৱা বিমান পৰিবহন বিভাগৰ মুখ্য পৰামৰ্শদাতা উয়িং কামাণ্ডাৰ জো লালমিংলিনাই গ’ এয়াৰ, ইণ্ডিগ’ আৰু এলায়েঞ্চ এয়াৰ নামৰ বিমান পৰিবহন সংস্থা তিনিটাই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মিজোৰামলৈ বিমানৰ চলাচল আৰম্ভ কৰিব বুলি উল্লেখ কৰে।

গ’ এয়াৰে কলকতা-গুৱাহাটী-আইজলৰ মাজত ছেপ্তেম্বৰৰ ২৩ তাৰিখৰ পৰা দৈনিক বিমান সেৱা আৰম্ভ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া বুলিও মত প্ৰকাশ কৰে।

বৰ্তমান দিল্লীত বাহৰ পাতি থকা লালমিংলিনাই তাৰোপৰি ইণ্ডিগ’ আৰু এলায়েঞ্চ এয়াৰে বিমান পৰিবহন বিভাগৰ মুখ্য সঞ্চালকৰ ওচৰত অনুমতি বিচাৰি আবেদন জনাইছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, পৰ্য্যাপ্ত বিমান সেৱাৰ সুবিধা নোহোৱা বাবে মিজোৰামৰ জনসাধাৰণে বিমান যাত্ৰাৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা অসুবিধা ভোগ কৰি আহিবলগীয়া হৈছে।

Related News