NORTHEAST NOW (Assamese)
অসম

নতুন দিল্লীত ৰে’ড ক্ৰছ-পি আই আইৰ বঁটা গ্ৰহণ নৰ্থ-ইষ্ট নাওৰ সাংবাদিক অনুপ শৰ্মাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 30, 2019 9:27 pm
icrc

গুৱাহাটীস্থিত নৰ্থ-ইষ্ট নাওৰ চ্চীফ অৱ ব্যুৰ অনুপ শৰ্মালৈ আন্তঃৰাষ্ট্ৰীয় ৰে’ড ক্ৰছ সমিতি আৰু প্ৰে’ছ ইন্সটিটিউট অৱ ইণ্ডিয়াই আগবঢ়াইছে ১৩সংখ্যক পি আই, আই-আই চি আৰ চি বঁটা।

অলপতে নতুন দিল্লীত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত শৰ্মাৰ লগতে দেশৰ আন আন সাংবাদিক সকলক বঁটা প্ৰদান কৰা হয়।

অসমৰ চৰবাসীৰ ওপৰত জলবায়ু পৰিৱৰ্তনে পেলোৱা প্ৰভাৱ সন্দৰ্ভত অনুপ শৰ্মাই যুগুত কৰা প্ৰতিবেদনৰ বাবে তেওঁক বাচনি কৰা হৈছে।

বাৰ্ষিক বঁটাটোৰ এই বছৰৰ বিষয় আছিল “মানৱকল্যাণজনিত বিষয়ত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ”।

মানৱকল্যাণজনিত প্ৰতিবেদনৰ ক্ষেত্ৰত উত্তম সাংবাদিকতাক চিনাক্ত আৰু প্ৰসাৰ কৰাৰ বাবে পি আই আই আৰু আই চি আৰ চিয়ে এই বঁটা আগবঢ়ায়।

বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰমন মেগছেছে বঁটা প্ৰাপক চোনম ৱাংচুকে কয় ‘‘আমি দুখন দেশৰ মাজত হোৱা যুদ্ধৰ বিষয়ে শুনিছো, কিন্তু প্ৰকৃতিৰ সৈতে হোৱা যুদ্ধ আৰু অতি ভয়াবহ।’’

চলিত সময়ত প্ৰাকৃতিক দুৰ্যোগৰ ফলত বহু সংখ্যক লোকে প্ৰাণ হেৰুৱাব লগা হৈছে বুলিও ৱাংচুকে উল্লেখ কৰে।