NORTHEAST NOW (Assamese)
অৰুণাচল

লোকসভা নিৰ্বাচনৰ পদূলিত অসম, উত্তৰ-পূবত টকা-সুৰাৰ প্লাৱন

Posted by: অনুপ শৰ্মা April 6, 2019 9:44 pm
Northeast: Recovery of cash, liquor goes high in north-eastern states

ভাৰতৰ আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনত ঘটিছে টকা আৰু সুৰাৰ প্লাৱন।

অসমৰ বিভিন্ন জিলাৰ পৰা নিৰ্বাচনী পৰ্য্যৱেক্ষকে শনিবাৰলৈকে মুঠ ৭৮৪৯৩০৭৬টকা জব্দ কৰাৰ বিপৰীতে নাগালেণ্ডত জব্দ হৈছে ৯১৭১২৪০টকা।

অৰুণাচল প্ৰদেশত জব্দ হৈছে মুঠ ৫৭৫৫৪৭৩০টকা মূল্যৰ নগদ ধন আৰু সুৰা। ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পেমা খান্দুৰ কনভয়ৰ গাড়ীৰ পৰাই ১.৮কোটি টকা জব্দ কৰাৰ অভিযোগে ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অৰুণাচলত জব্দ হোৱা সুৰাৰ ভিতৰত আছে ৭০২২৬বটল বিয়েৰ, ২৮১৮১ বটল আন মদ, ৮০০বটল ৱাইন আৰু ১৪৪বটলৰো অধিক দেশীয় সুৰা।

অসমত শনিবাৰলৈকে জব্দ হৈছে ১১৭৯৩৫.৪৬লিটাৰ সুৰা। যিখিনিৰ বজাৰ মূল্য ৭১৮২৪৩টকা।