NORTHEAST NOW (Assamese)
অসম

প্রথমখন খেলতে আশাব্যঞ্জক প্ৰদৰ্শন নৰ্থ-ইষ্ট য়ুনাইটেডৰ; শক্তিশালী গোৱাৰ বিৰুদ্ধে ২-২ত ড্ৰ

Posted by: এন ই নাও নিউজ October 1, 2018 9:53 pm
Dobq_OrXgAA-S_O

আই এছ এলৰ পঞ্চম সংস্কৰণৰ তৃতীয়খন খেল তথা নৰ্থ-ইষ্ট য়ুনাইটেডৰ প্ৰথমখন খেলত ঘৰুৱা দল নৰ্থ-ইষ্টে গোৱা এফ চিৰ বিৰুদ্ধে ২-২ত ড্ৰ খেলে। গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰাগান্ধী এথলেটিকছ ষ্টেডিয়ামত সন্ধিয়া ৭ বাজি৩০ মিনিটৰ পৰা আৰম্ভ হোৱা খেলখনত আৰম্ভণিৰে পৰা ঘৰুৱা দল নৰ্থ-ইষ্ট য়ুনাইটেড আৰু আলহী দল গোৱা এফ চিয়ে যথেষ্ট আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে।

তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলখনৰ প্ৰথমাৰ্ধৰ ৮ মিনিটতে নৰ্থ-ইষ্ট য়ুনাইটেডৰ হৈ ফেড্ৰিকো গেলেগোৱে দলক অগ্ৰগতি প্ৰদান কৰে।  কিন্তু সেই উল্লাস বেছি দেৰি থাকিবলৈ নাপাওঁতেই ১৪ মিনিটত গোৱা এফ চিৰ ফেৰান কৰোমিনাছে সমতা স্থাপন কৰে।

ইফালে প্ৰথমাৰ্ধৰে ৩৮ মিনিটত গোৱা এফ চিৰ ফেৰান কৰোমিনাছে ব্যক্তিগত তথা দলৰ হৈ দ্বিতীয়টো গ’ল কৰি আলহী দলটোক প্ৰথমাৰ্ধতে ২-১ৰ অগ্ৰগতি দিবলৈ সক্ষম হয়।

প্ৰথমাৰ্ধৰ শেষৰ ফালে তীব্ৰ চাপত পৰা ঘৰুৱা দল নৰ্থ-ইষ্টে দ্বিতীয়াৰ্ধত সৰ্ব শক্তিৰে যুঁজ দিয়াত শেষত ৫৩ মিনিটত বাৰথ’ল’মিউ অগবেচেৰ সহায়ত মেচখনত সমতা স্থাপন কৰে। আৰু ইয়াৰ পাছত দুয়োটা দলে গ’ল কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল যদিও ব্যৰ্থ হোৱাত মেচখন ২-২ত ড্ৰ হয়। মেচখনত দুয়োটা দলে ১ পইণ্টকৈ ভগাই লয়।