NORTHEAST NOW (Assamese)

ISL 2023-24: গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেড এফ চিক ৩-১ গ’লত পৰাস্ত কৰিলে মোহন বাগানে

December 16, 2023 9:50 am · এন ই নাও নিউজ, গুৱাহাটী

শুকুৰবাৰে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত ইণ্ডিয়ান ছুপাৰ লীগৰ এখন খেলত মোহন বাগানে নৰ্থ ইষ্ট ইউনাইটেড এফ চিক ৩-১ গ’লৰ ব্যৱধান পৰাস্ত কৰে। আঘাতৰ বাবে মোহন বাগানৰ কেইবাগৰাকীও ফুটবলাৰ খেলপথাৰৰ বাহিৰত আছে। ৰঙা কাৰ্ড লাভ কৰি খেলৰ পৰা আঁতৰি আছে প্ৰশিক্ষকগৰাকীও। কিন্তু তথাপি জয়ৰ পথ ৰুদ্ধ হোৱা নাই মোহন বাগানৰ।

পূৰ্বৰ মেচখনত ছাদিকৰ এটা দুৰ্দান্ত গ’লেৰে পুনৰ জয়ৰ ধাৰালৈ উভতি আহিছিল মোহন বাগানে। সেই আত্মবিশ্বাসেৰে গুৱাহাটীৰ খেলখনত কামিংছ বাহিনী নৰ্থ ইষ্টৰ বিৰুদ্ধে খেলিছিল।

খেলখনৰ আৰম্ভণিতে চাৰি মিনিটত এটা গ’ল খাই পিছ পৰি ৰৈছিল মোহন বাগান। নৰ্থ ইষ্টৰ ফৰৱাৰ্ড ফাল্গুনি সিঙে বক্সৰ বাহিৰৰ পৰা দীৰ্ঘ দূৰত্বৰ পৰা দৃষ্টিনন্দন শ্বটেৰে গ’ল দিয়ে। অৱশ্যে সমতা স্থাপন কৰিবলৈ মোহন বাগানৰ বেছি সময় নালাগিল। ১৪ মিনিটত নৰ্থ ইষ্টৰ গ’লৰক্ষক মিৰ্ছাদে লিষ্টন কোলাছ’ৰ ফ্ৰী কিক এটা হাতেৰে ফিষ্ট কৰে যদিও ৰিটাৰ্ণ বলটো দীপক টাংৰিৰ ভৰিত খুন্দা মাৰি গ’লত প্ৰৱেশ কৰে।

লগতে পঢ়কঃ IPL 2024: ১০ বছৰৰ পাছত ৰোহিতক নেতৃত্বৰ পৰা আঁতৰালে মুম্বাইয়ে; কি ক’লে আম্বানীৰ দলটোৱে?

২৮ মিনিটৰ শেষত অনিৰুদ্ধ থাপাৰ লং বলটো বাওঁফালেৰে লৈ আগবাঢ়িছিল সাদিকুৱে। সোঁফালে আছিল জেছন কামিংছ। বলটো পোৱাৰ লগে লগে নেটত সুমুৱাই দিয়ে। প্ৰথমাৰ্ধ ২-১ গ’লত সমাপ্ত হয়। কেইবাটাও মুভ লৈছিল যদিও নৰ্থ ইষ্টৰ ফিনিছিং কৰিব নোৱাৰিলে।

আনহাতে, দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে ৰঙা কাৰ্ড খেলপথাৰ ত্যাগ কৰিবলগীয়া হৈছিল উত্তৰ-পূবৰ টংদম্বা সিঙে। ১০ জনীয়া প্ৰতিদ্বন্দ্বী দলটোক চম্ভালিবলৈ মোহন বাগানৰ বিশেষ অসুবিধা হোৱা নহ’ল।

লগতে পঢ়কঃ মেছি মেজিক! প্ৰায় ৬৫ কোটি টকাত নিলাম হ’ল মেছিৰ বিশ্বকাপ জয়ী জাৰ্চি

ডিমিট্ৰি পেট্ৰাটছ আৰু মনবীৰ সিঙে ৬১ মিনিটত খেলপথাৰত প্ৰৱেশ কৰে। দুয়োজনে যুঁজাৰু ৰূপত আছিল। কেইবাটাও সুযোগ সৃষ্টি হৈছিল যদিও অলপৰ বাবে গ’ল কৰাত ব্যৰ্থ হৈছিল। ৭১ মিনিটত মোহন বাগানৰ হৈ তৃতীয়টো গ’ল দিয়ে অধিনায়ক শুভাশীষ বসুৱে। শেষত মোহন বাগানে ৩-১ গ’লত জয়লাভ কৰে।

Related News