NORTHEAST NOW (Assamese)
অসম

আজি গুৱাহাটীত নৰ্থ-ইষ্ট য়ুনাইটেড বনাম মুম্বাই চিটিৰ মেচ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 27, 2019 8:23 am
2pH-wFfV-750x375

চলিত আই এছ এলত এই পৰ্যন্ত পৰাস্ত নোহোৱা নৰ্থ-ইষ্ট য়ুনাইটেডে আজি নিজৰ পঞ্চমখন মেচত মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

হাই ভল্টেজ মেচখন গুৱাহাটীৰ সৰুসজাইস্থিত ক্ৰীড়া প্ৰকল্পৰ ইণ্ডিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব।

পইণ্টছ টেবুলৰ পঞ্চমস্থানত থকা নৰ্থ-ইষ্ট য়ুনাইটেডে নিজৰ অন্তিমখন মেচত এফ চি গোৱাৰ বিৰুদ্ধে ২-২ত ড্ৰ খেলিছিল। আৰু মুম্বাই চিটিয়ে অন্তিমখন মেচত গোৱাৰ বিৰুদ্ধে ৪-২ ব্যৱধানত পৰাস্ত হৈছিল। পইণ্টছ টেবুলত মুম্বাই চিটি অষ্টম স্থানত।

নৰ্থ-ইষ্ট য়ুনাইটেডৰ আত্মবিশ্বাসী প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নিয়ে দলটোৰ প্ৰদৰ্শন তথা খেলুৱৈৰ ফৰ্মক লৈ যথেষ্ট সুখী বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। তদুপৰি আজিৰ বিজয়ে দলটোক পইণ্টছ টেবুলৰ শীৰ্ষত উপনীত কৰাব।

ইফালে চলিত ছিজনত হতাশাগ্ৰস্ত প্ৰদৰ্শন দাঙি ধৰা মুম্বাইৰ বাবে আজিৰ মেচখন যথেষ্ট প্ৰত্যাহ্বানমূলক যদিও প্ৰশিক্ষক জৰ্জ কোষ্টা খেলুৱৈসকলক লৈ আশাবাদী।

আঘাতৰ সমস্যাই জৰ্জৰিত কৰা দলটোৰ অধিকাংশ খেলুৱৈয়ে সুস্থ হৈ উভটি আহিছে যদিও নৰ্থ-ইষ্ট য়ুনাইটেডক ঘৰুৱা মাটিত তথা হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত পৰাস্ত কৰাটো সহজসাধ্য নহ’ব।