NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত আজি প্লে’ অফৰ লক্ষ্যৰে এ টি কেৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব নৰ্থ-ইষ্ট য়ুনাইটেড

Posted by: এন ই নাও নিউজ December 8, 2018 12:32 pm
1538647079_atk-vs-northeast-united

চলিত পঞ্চম হিৰো ইণ্ডিয়ান ছুপাৰ লীগ ফুটবলৰ প্লে’ অফলৈ যোগ্যতা অৰ্জনৰ দিশে আগবাঢ়িছে নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি। প্ৰথম লেগত চমকপ্ৰদ প্ৰদৰ্শনৰ পাছত এতিয়া দ্বিতীয় লেগৰ মেচত সাফল্যৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব পাৰিলে দলটোৱে লক্ষ্যত উপনীত হ’ব পাৰিব।

নিজৰ প্ৰদৰ্শনত আত্মবিশ্বাসী হৈ থকা নৰ্থ-ইষ্টে আজি গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত হ’বলগা দ্বিতীয় লেগৰ সম্ভাৱ্য প্ৰতিযোগিতামূলক মেচখনত এ টি কে দলৰে মুখামুখি হ’ব। যোৱা চাৰিখন মেচত অপৰাজিত হৈ থকা নৰ্থ-ইষ্টে এতিয়া আই এছ এলত নিজৰে অভিলেখ গঢ়াৰ দিশত অগ্ৰসৰ হৈছে।

উল্লেখ্য যে আজি ১১ নম্বৰ মেচত অংশ ল’বলগা নৰ্থ-ইষ্টে ইতিমধ্যে ১০খন মেচৰ পৰা ১৯ পইণ্ট লাভ কৰিছে। ইয়াৰ পূৰ্বে নৰ্থ-ইষ্টে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰি ২০১৫ চনত সৰ্বাধিক ২০ পইণ্ট লাভ কৰিছিল আৰু সেইবাৰ পঞ্চম স্থানত আছিল।

আজিৰ মেচখন সন্দৰ্ভত শুকুৰবাৰে সংবাদমেলত নৰ্থ-ইষ্টৰ প্ৰশিক্ষক এলকো চ’ছাটৰিয়ে কয় যে আমাৰ লক্ষ্য এতিয়া শীৰ্ষ চাৰিটা স্থানত সুৰক্ষিত কৰা। কিন্তু আজিৰ মেচখন কঠিন হ’ব। এ টি কে মোৰ বাবে শ্ৰেষ্ঠ প্ৰতিদ্বন্দ্বী। দলৰ ৰক্ষণ বিভাগটো বাংগালুৰু আৰু জামছেদপুৰৰ দৰেই শক্তিশালী। আনহাতে, আক্ৰমণৰ কৌশল পৃথক। গ’ল কৰা কঠিন হ’ব যদিও আমি তাৰ বাবে সাজু হৈছো।

আনহাতে, বিগত চাৰিখন মেচত অপৰাজেয় হৈ এ টি কে দলে গুৰুত্বপূৰ্ণ মেচখনত অংশ ল’বলৈ গুৱাহাটীলৈ আহিছে। আজিৰ ১১ নম্বৰ মেচত ভাগ ল’বলগা এ টি কে দলটোৱে ইতিমধ্যে খেলা ১০খন মেচৰ পৰা ১৫ পইণ্ট লাভ কৰিছে।