NORTHEAST NOW (Assamese)

উচ্চতম ন্যায়ালয়লৈ আছু, ৩০ জনগোষ্ঠীয় সংগঠন: “এন আৰ চিত সুখী নহয়”

September 13, 2019 10:55 pm · কপ্লজ্যোতি শইকীয়া
Updated: September 13, 2019 11:03 pm
আছু আৰু ৩০টা সংগঠনৰ নেতৃত্বৰ ফাইল ছবি।

সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠন এন আৰ চিক লৈ “সুখী” নহয়; তেওঁলোকে এই সন্দৰ্ভত অতি শীঘ্ৰেই ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব।

গুৱাহাটীৰ হোটেল প্ৰাগ কণ্টিনেণ্টেলত শুকুৰবাৰে ৬ঘণ্টাজোৰা বৈঠকৰ অন্তত এন আৰ চিৰ লগতে নদীবান্ধ, অসম চুক্তিৰ ৬নং দফা আৰু নাগৰিকত্ব বিধেয়ক সন্দৰ্ভতো সংগঠনকেইটাই স্থিতি ঘোষণা কৰিছে।

“(এন আৰ চিক লৈ)অচিৰেই (উচ্চতম ন্যায়ালয়ৰ) কাষ চাপিম,” বৈঠকৰ পিছতে আয়োজিত সংবাদমেলত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয়। “ইয়াক লৈ কথা-বতৰা চলি আছে।”

বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে খিলঞ্জীয়াৰ নামো এন আৰ চিৰ পৰা বাদ পৰা সত্ত্বেও ইয়াৰ পাছতো “নিৰাময়ৰ ব্যৱস্থা” কৰিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে।

এন আৰ চিত হোৱা খেলিমেলিখিনিৰ বাবে ভট্টাচাৰ্য্যই কেন্দ্ৰ-ৰাজ্য দুয়ো চৰকাৰকে দোষাৰোপ কৰে।

“অবৈধ নাগৰিকৰ নাম কৰ্তন কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে পূৰ্ণ সুযোগ লাভ কৰিছিল, কিন্তু সেয়া নকৰিলে। বিপৰীতে একাংশ মানৱ অধিকাৰ কৰ্মীয়ে বিদেশীৰ ৰক্ষণাৱেক্ষণত চকু ৰাখিছে,” তেওঁ কয়।

সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদকপ্ৰধান আদিত্য খাখলাৰীয়েও এন আৰ চিত ত্ৰুটি থকাৰ কথা উল্লেখ কৰে। “এন আৰ চিত ত্ৰুটি ৰৈ গ’ল, ক্ষেত্ৰভিত্তিত অধ্যয়ন কৰিব লাগিছিল, কৰা নহ’ল।”

বৈঠকত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰখাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয়।

“আমি আন্দোলন কৰি আছিলো, কৰি যাম। অসমত হিন্দু বাংলাদেশীক কেতিয়াও সংস্থাপিত হ’বলৈ দিয়া নহ’ব,” ভট্টাচাৰ্য্যই কয়।

আনহাতে, অসম চুক্তিৰ ৬নং দফা কাৰ্য্যকৰীকৰণ সন্দৰ্ভত গঠিত উচ্চ স্তৰীয় সমিতিত নিজৰ পৰামৰ্শ দাখিলৰ বাবেও বৈঠকখনত সিদ্ধান্ত লোৱা হয়।

সংগঠনকেইটাই অচিৰেই আছুৰো তিনিজন সদস্য থকা উচ্চস্তৰীয় সমিতিখনত নিজৰ পৰামৰ্শাৱলী দাখিল কৰিব।

এইক্ষেত্ৰত অসম বিধান সভাৰ আসন খিলঞ্জীয়াৰ বাবে সংৰক্ষণৰ পোষকতা কৰে ট্ৰাইবেল সংঘৰ আদিত্য খাখলাৰীয়ে।

ট্ৰাইবেল সংঘই অসম বিধান সভাৰ ১০০% আসনেই খিলঞ্জীয়াৰ বাবে সংৰক্ষণৰ দাবী কৰিছে।

কেন্দ্ৰৰ নিৰ্দেশৰ পিছত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰা সন্দৰ্ভতো বৈঠকত আলোচনা হয়।

সংগঠনকেইটাই “বিজ্ঞানসন্মত অধ্যয়ন” নোহোৱালৈকে বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

“নামনিত বসবাস কৰা লোকৰ জীৱন সুৰক্ষিত হ’ব লাগিব। বিজ্ঞানসন্মত অধ্যয়ন অবিহনে বৃহৎ নদী বান্ধ অসম্ভৱ,” আছুৰ ভট্টাচাৰ্য্যই কয়।

Related News