NORTHEAST NOW (Assamese)

চীনক উদ্দেশ্যি মাৰ্কিন কূটনীতিকৰ বাক্যবাণ-‘অৰ্থনৈতিক আগ্ৰাসনেৰে বিশ্ব অৰ্থনীতি সৱল কৰিব নোৱাৰি’

October 7, 2021 9:24 am · এন ই নাও নিউজ,গুৱাহাটী
Updated: October 7, 2021 1:06 pm

যিটো সময়ত চীনে টাইৱান দখল কৰাৰ বাবে ব্যাপক সমৰসজ্জা চলাইছে সেই সময়তে চীনক উদ্দেশ্যি তীব্ৰ বাক্যবাণ নিক্ষেপ কৰিছে এগৰাকী মাৰ্কিন কূটনীতিকে।

শেহতীয়াকৈ ভাৰত ভ্ৰমণলৈ অহা মাৰ্কিন কূটনীতিক ৱেণ্ডি শ্বেৰমানে চীনক উদ্দেশ্যি কয় যে অৰ্থনৈতিক আগ্ৰাসনৰ জৰিয়তে কেতিয়াও বিশ্ব অৰ্থনীতিক সৱল কৰিব নোৱাৰি।

চীনৰ অৰ্থনৈতিক আগ্ৰাসনৰ পৰিণাম এতিয়া শ্ৰীলংকা, মালদ্বীপৰ দৰে দেশ সমূহে ভোগ কৰিছে বুলি উল্লেখ কৰি শ্বেৰমানে কয় যে পাকিস্তানো চীনৰ অৰ্থনৈতিক আগ্ৰাসনৰ পৰা ৰেহাই পোৱা নাই।

বেইজিঙে কেৱল স্বাৰ্থ সিদ্ধিৰ বাবেহে এনে দেশ সমূহত অৰ্থনৈতিক আগ্ৰাসন অব্যাহত ৰাখিছে।

তেওঁ লগতে কয় যে চীন বা আমেৰিকাৰ মাজত কোন খন দেশৰ অৰ্থনীতিৰ প্ৰতি বিশ্বৰ দেশসমূহে গুৰুত্ব দিব সেই কথা তেওঁ কব বিচৰা নাই।

কিন্তু কোনো দেশেই আন দেশত অৰ্থনৈতিক আগ্ৰাসন চলাই বিশ্ব অৰ্থনীতিক সৱল কৰিব নোৱাৰে।

অৰ্থনৈতিক আগ্ৰাসনে বিশ্বত শান্তিৰ পৰিবেশো সৃষ্টি কৰিব নোৱাৰে বুলি শ্বেৰমানে মন্তব্য কৰে।

ভাৰত-মাৰ্কিন বাণিজ্যিক কাউন্সিলৰ ভাৰ্চুৱেল বৈঠকত নতুন দিল্লীৰ পৰাই অংশগ্ৰহণ কৰা শ্বেৰমানে কয় যে ভাৰত আৰু আমেৰিকাৰ মাজত সকলো ধৰণৰ সম্পৰ্ক অটুট থাকিব।

বৈঠকত ভাৰতৰ বৈদেশিক সচিব হৰ্ষবৰ্ধন শ্ৰিংলায়ো অংশগ্ৰহণ কৰে।

Related News