NORTHEAST NOW (Assamese)
অসম

শিক্ষাবিদ তথা সক্রিয় ৰাজহুৱা কৰ্মী অধ্যাপক দেৱেন দত্তৰ দেহাৱসান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 18, 2023 8:29 am

শিক্ষাবিদ তথা সক্রিয় ৰাজহুৱা কৰ্মী, কটন মহাবিদ্যালয়ৰ ভূতপূৰ্ব উপাধ্যক্ষ তথা ইংৰাজী বিষয়ৰ অধ্যাপক দেৱেন দত্তৰ দেহাৱসান ঘটিছে। নিশা ১২.১০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

মহানগৰীৰ সুন্দৰপুৰৰ বাসিন্দা শিক্ষাবিদগৰাকীক যোৱা ১১ আগষ্টত হৃদৰোগত আক্রান্ত হোৱাৰ পিছত জি এম চি এইচত ভৰ্তি কৰোৱা হৈছিল।

এগৰাকী স্বাভিমানী অসমীয়া হিচাপে নিজকে পৰিচয় দিয়া, জাতীয়বাদী ধাৰাৰ দিকবাহক, নাগৰিকৰ অধিকাৰ সম্পৰ্কে সৰৱ আৰু সচেতন ড০ দেৱেন দত্তৰ বিয়োগে স্বাভাৱিকতে অসমৰ জাতীয় জীৱনত এক শূন্যতাৰ সৃষ্টি কৰিলে।

ৰাজহুৱা জীৱনত স্পষ্টবাদী আৰু আপোচহীন মনোভাৱৰ বাবে পৰিচিত দেৱেন দত্ত অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগৰ প্ৰতি অতি সচেতন আছিল।

ড০ দেৱেন দত্তই চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিছত কিছুদিন সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত হৈছিল। গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতাও কৰিছিল। অৱশ্যে দত্তৰ ৰাজনৈতিক জীৱন হঠাতে স্তব্ধ হৈ পৰিছিল।

উল্লেখ্য যে কেইবছৰমান পূৰ্বে তেওঁৰ সহধৰ্মিণী দূৰদৰ্শন আৰু অনাতাৰ কেন্দ্ৰৰ বাতৰি পৰিবেশক অৰুন্ধতী দত্তও জটিল ৰোগত আক্ৰান্ত হৈ ইহ সংসাৰ ত্যাগ কৰাৰ পিছত শিক্ষাবিদগৰাকী প্ৰায় অকলশৰীয়া হৈ পৰিছিল।

ড০ দেৱেন দত্তৰ বিয়োগত তেওঁৰ অনুৰাগী তথা গুণমুগ্ধসকল শোকাহত হৈ পৰিছে।