NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট প্ৰগতিশীল লেখিকা ড০ অনিমা গুহৰ দেহাৱসান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 29, 2021 6:42 pm
Dr Anima Guha

বিশিষ্ট প্ৰগতিশীল লেখিকা ড০ অনিমা গুহৰ দেহাৱসান ঘটিছে।

বৃহস্পতিবাৰে আবেলি ৩.২০ বজাত গুৱাহাটীৰ আৰ্য হস্পিটেলত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯০বছৰ। মহানগৰীৰ উলুবাৰীৰ বাসিন্দা আছিলবিশিষ্ট লেখিকাগৰাকী।

প্ৰসিদ্ধ নিৱন্ধকাৰ ‘ইতিহাসবিদ’ ড০ অমলেন্দু গুহৰ পত্নী আছিল ড০ অনিমা গুহ।

ড০ অনিমা গুহ ‘তৃতীয় বিশ্ববাসিনীৰ দৃষ্টিত নাৰী আৰু সমাজ’, ‘মানুহ চিত্ৰশালাত’,’এমুঠি অভিজ্ঞতা’, ‘সোঁতৰ বিপৰীতে’, ‘নীল আকাশৰ তলত’, ‘বিপন্ন প্ৰজাতি’ আদিৰ দৰে গ্ৰন্থৰ লেখিকা আছিল।

তেওঁ ‘জীৱনৰ জোৱাৰ ভাটাৰ মাজেদি,’ আৰু ‘বাকীছোৱা জীৱন’ নামেৰে দুটা খণ্ডত আত্মজীৱনী গ্ৰন্থও ৰচনা কৰিছিল।

বিশিষ্ট লেখিকা ড॰ অনিমা গুহৰ বিয়োগত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে।

অনিমা গুহৰ মৃত্যুত ৰাজ্যখনে এগৰাকী বিশিষ্ট সাহিত্যিকক হেৰুৱালে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

তেওঁ প্ৰয়াত সাহিত্যিকগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

বিশিষ্ট লেখিকা অনিমা গুহৰ মৃত্যুত তেওঁৰ অনুৰাগীসকলে গভীৰ শোকপ্ৰকাশ কৰিছে।