NORTHEAST NOW (Assamese)

পঞ্চভূতত বিলীন ‍‘বৰপেটা সত্ৰৰ ইতিহাস’ৰ প্ৰণেতা গোকুল পাঠক; ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন

May 11, 2020 4:34 pm · পুলেন্দ্ৰ দাস
ফটো : নৰ্থ-ইষ্ট নাও

পঞ্চভূতত বিলীন হ’ল কলাগুৰু বিষ্ণু ৰাভা, সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ সংগী তথা বিশিষ্ট শিল্পী, সাহিত্যিক, সাংবাদিক গোকুল পাঠক।

বৰপেটা চহৰৰ ব্যক্তিগত চিকিৎসালয় “অংকুৰাম হাস্পতাল”ত যোৱা নিশা প্ৰায় ৮:৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰা অসম চৰকাৰৰ শিল্পী পেঞ্চন আৰু বিষ্ণুৰাভা বঁটা প্ৰাপক বৰপেটাৰ মহীৰূহ গৰাকীক আজি ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয়।

“বৰপেটা সত্ৰৰ ইতিহাস”ৰ লগতে কেইবাখনো মূল্যবান গ্ৰন্থৰ প্ৰণেতা তথা অসম চৰকাৰৰ শিল্পী পেঞ্চন, বিষ্ণুৰাভা বঁটা লাভ কৰা শিল্পী গৰাকীক সামাজিক দূৰত্ব বজাই অজস্ৰ লোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শিল্পী গৰাকীয়ে নিজে স্থাপন কৰা ভাতকুছি থান আৰু শ্ৰীমন্ত শংকৰ মাধৱ মহাবিদ্যালয়ৰ মাজৰ খেলপথাৰত দিনৰ ২ বজাত শেষকৃত্য সম্পন্ন কৰা হয়।

শেষকৃত্যৰ অনুষ্ঠানত অসম হাউছফেডৰ অধ্যক্ষ তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ দাস, অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল কুমাৰ দাস, অসম ঔদ্যোগিক নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, আৰক্ষী অধীক্ষক ডা: ৰবীন কুমাৰ, সাংস্কতিক সঞ্চালক বিষ্ণুকমল বৰাৰ লগতে বহু কেইগৰাকী বিশিষ্ট লোক আৰু পাঠকৰ গুণমুগ্ধসকল উপস্থিত থাকে।

ইয়াৰ পূৰ্বে বৰপেটা পৌৰসভাৰ খেলপথাৰত বিশিষ্ট শিল্পী, সাহিত্যিক, সাংবাদিক, নাট্যকাৰ, অভিনেতা গোকুল পাঠকক শেষ শ্ৰদ্ধা জনায় বিভিন্ন দল-সংগঠনৰ লগতে অগনন ৰাইজে।

Related News