NORTHEAST NOW (Assamese)
বিজ্ঞান-প্ৰযুক্তি

বজাৰলৈ আহিল Nothing Phone 1: চাওক কেইখনমান বিশেষ ফটো

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 13, 2022 3:28 pm
Nothing Phone

অৱশেষত দীৰ্ঘদিনীয়া চৰ্চাৰ অন্তত ভাৰতত মুকলি কৰা হ’ল নথিং ফোন 1। গ্ৰাহকৰ বাবে ৩২,৯৯৯ টকাৰ প্ৰাৰম্ভিক মূল্যত ফোনটো বজাৰলৈ এৰি দিয়া হৈছে।

তিনিটা ভেৰিয়েণ্টত মুকলি কৰা ফোনটোৰ মূল্য যথাক্ৰমে ৮ জিবি/১২৮ জিবি ভেৰিয়েণ্টৰ বাবে ২৯,৯৯৯ টকা, ৮ জিবি/২৫৬ জিবি ভেৰিয়েণ্টৰ বাবে ৩২,৯৯৯ টকা আৰু ১২ জিবি/২৫৬ জিবি ভেৰিয়েণ্টৰ বাবে ৩৫,৯৯৯ টকা।

ফোনটোত আছে কোৱালকম স্নেপড্ৰেগন ৭৭৮ জি চিপছেট, লগতে ৩৩ ৱাটৰ ৱায়াৰ্ড চাৰ্জিং, ১৫ ৱাট ৱায়াৰলেচ চাৰ্জিং আৰু ৫ ডব্লিউ ৰিভাৰ্চ ৱায়াৰলেচ চাৰ্জিং সমৰ্থনৰ সৈতে ৪,৫০০ mah বেটাৰী।