NORTHEAST NOW (Assamese)

প্ৰথম ক্ষণৰ পৰাই প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে হওঁ আক্ৰমণাত্মক : সাফল্যৰ নতুন মন্ত্ৰ শিৱৰ

May 2, 2019 9:50 am · এন ই নাও নিউজ
Updated: May 2, 2019 12:45 pm

বক্সিং ৰিঙত আৰম্ভনিৰে পৰা ধাৰণ কৰা আক্ৰমণাত্মক ৰূপৰ বাবেই চলিত বৰ্ষত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিব পাৰিছো। এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ক্ৰমাগত চতুৰ্থটো পদক অৰ্জন কৰি বিৰল কৃতিত্বৰ অধিকাৰী হোৱা অসম সন্তান শিৱ থাপাই নতুন দিল্লীৰ এক অনুষ্ঠানত এইদৰে কয়।

এছিয়ান চেম্পিয়নশ্বিপত ধাৰাবাহিকভাৱে চতুৰ্থটো পদক পোৱা প্ৰথম ভাৰতীয় বক্সাৰ হিচাপে পৰিণত হোৱা শিৱ থাপাই আৰু কয় যে ৰিঙত মই আগতকৈ আৰু অধিক আক্ৰমণাত্মক হ’বলৈ চেষ্টা কৰিছো। মেচৰ প্ৰথমটো ক্ষণৰ পৰাই প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে আক্ৰমণাত্মক হ’লেহে মেচখনত জয়ৰ সম্ভাৱনা দেখা দিয়ে।

ইয়াৰ উপৰি তেওঁ সুযোগৰ অপেক্ষা কৰাৰ কোনো প্ৰয়োজন নাই বুলিও মন্তব্য কৰে। কিয়নো সুযোগৰ সন্ধানত ৰৈ থাকিলে মেচত জয়ৰ সম্ভাৱনা নাইকিয়া হৈ পৰে। প্ৰথমৰ পৰাই যুঁজ দি যাব লাগে বুলি মন্তব্য কৰে বক্সাৰগৰাকীয়ে।

বেংককত সদ্য সমাপ্ত এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ৬০ কেজি শাখাৰ ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে শিৱ থাপাই। এই প্ৰতিযোগিতাৰ পূৰ্বে থাপাই চলিত বৰ্ষৰ মাৰ্চ মাহত ফিনলেণ্ডত অনুষ্ঠিত হোৱা জিবি টুৰ্নামেণ্টত ৰূপৰ পদক অৰ্জন কৰিছিল।

উল্লেখ্য যে যোৱাটো বৰ্ষত সন্তোষজনক প্ৰদৰ্শন আগবঢ়াব নোৱাৰা শিৱ থাপাই চলিত বৰ্ষত নতুন ৰণনীতিৰে বক্সিং ৰিঙত নমাৰ বাবেই যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি খেলুৱৈগৰাকীৰ লগতে ৰাষ্ট্ৰীয় প্ৰশিক্ষক চি এ কুটাপ্পাই মন্তব্য কৰে।

Related News