NORTHEAST NOW (Assamese)
Popular Stories

দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ আৰোহীয়ে এইবোৰ নিয়ম নামানিলে ভৰিব লাগিব জৰিমনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 16, 2021 3:35 pm
traffic-fine

দেশৰ ৰাজধানী দিল্লীত পূৰ্বতকৈ কঠোৰ হৈছে যানবাহন আৰক্ষী। এতিয়াৰে পৰা দিল্লী যানবাহন আৰক্ষীয়ে দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ আৰোহীৰ বাবে প্ৰৱৰ্তন কৰিছে কেতবোৰ নতুন নিয়ম। আৰু এই নিয়ম উলংঘনা কৰিলেই আৰোহীয়ে ভৰিব লাগিব জৰিমনা।

শুকুৰবাৰৰ পৰা বলৱৎ হোৱা এই নিয়ম অনুসাৰে চাৰিচকীয়া বাহনৰ পিছৰ আসনত বহা আৰোহীয়েও ছীট বেল্ট লগাব লাগিব। উল্লেখ্য যে ইয়াৰ পূৰ্বে সমগ্ৰ দেশত কেৱল চালকেহে ছীল্ট বেল্ট লগোৱাটো বাধ্যতামূলক কৰা হৈছিল।

দিল্লী যানবাহন আৰক্ষীৰ মতে চাৰিচকীয়া বাহনৰ পিছৰ ছীটৰ আৰোহীয়ে ছীট বেল্ট নলগোৱাৰ দৰে সৰু ভুলৰ বাবেই দুৰ্ঘটনা সংঘটিত হ’লে আৰোহীৰ মৃত্যু পৰ্যন্তও হয়। সাৱধানতা অৱলম্বন কৰিলে দুৰ্ঘটনা সংঘটিত হ’লেও আৰোহীৰ জীৱন ৰক্ষা পৰিব পাৰে।

ইফালে এতিয়াৰে পৰা দুচকীয়া বাহনৰ গৰাকীয়ে লুকিং গ্লাছ অৰ্থাৎ আইনা এৰুৱাই থ’ব নোৱাৰিব। আইনা এৰুৱাই থোৱা দুচকীয়া বাহনৰ গৰাকীয়ে ভৰিব লাগিব জৰিমনা।

দিল্লী যানবাহন আৰক্ষীয়ে কয় যে, ৰাজধানী চহৰৰ সৰ্বাধিক দুচকীয়া বাহনৰ গৰাকীয়ে ইচ্ছাকৃতভাৱে লুকিং গ্লাছ এৰুৱাই লয়। ইয়াৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

‘এতিয়াৰ পৰা আইনা নথকা দুচকীয়া বাহনৰ গৰাকীক চালান কটা হ’ব।’ দিল্লী যানবাহন আৰক্ষীয়ে কয়।

বিভাগীয় সূত্ৰত প্ৰকাশ যে মটৰ ভেহিকল আইন ১৯৮৮ আৰু চেন্ট্ৰেল মটৰ ভেহিকল আইন ১৯৮৯ৰ অধীনত দিল্লী যানবাহন আৰক্ষীয়ে উপৰোক্ত নিয়মবোৰ উলংঘা কৰাসকলক চালান কাটিব।

দুচকীয়া বাহনৰ ক্ষেত্ৰত জৰিমনাৰ পৰিমাণ ৫০০ টকা আৰু চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত জৰিমনা ১০০০ টকা হ’ব বুলি প্ৰকাশ কৰিছে দিল্লী যানবাহন আৰক্ষীয়ে।